অসম

assam

ETV Bharat / bharat

প্ৰবীণ বনাম নবীনঃ দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত তুংগত নেতৃত্বকেন্দ্ৰিক মতানৈক্য! - States Assembly election

আগন্তক হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পৰিলক্ষিত হৈছে নেতৃত্বকেন্দ্ৰিক মতানৈক্য ৷ এগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতাৰ মন্তব্যত প্ৰকাশ পাইছে এই কথা ৷

প্ৰবীণ বনাম নবীনঃকংগ্ৰেছত তুংগত নেতৃত্বকেন্দ্ৰিক মতানৈক্য!

By

Published : Oct 10, 2019, 11:29 PM IST

নিউজ ডেস্ক,10 অক্টোবৰঃআগন্তক হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পৰিলক্ষিত হৈছে নেতৃত্বকেন্দ্ৰিক মতানৈক্য ৷ দলটোত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰবীণ আৰু নবীন নেতাৰ মুকলি সংঘাত ৷ এজন বৰ্ষীয়ান কংগ্ৰেছ নেতাই কৈছে,"সাম্প্ৰতিক পৰিলক্ষিত হোৱা নবীন আৰু প্ৰবীণৰ মাজত সংঘাতে বিজেপিক প্ৰতিহত কৰাৰ কৰাৰ বাবে দুই ৰাজ্যৰ নিৰ্বাচনত কলক কোনো সহায় নকৰে ৷" তেওঁ লগতে কয়,"2019 ৰ সাধাৰণ নিৰ্বাচনৰ পাছত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আমাৰ বাবে প্ৰত্যাৱৰ্তনৰ ভাল সুযোগ আছিল ৷"

হাৰিয়ানাৰ কংগ্ৰেছ প্ৰদেশ প্ৰধান অশোক তানৱাৰৰ পদত্যাগৰ পাছত সৰহসংখ্যক দলীয় নেতৃত্বৰ মাজত এই বিষয় লৈ ব্যাপকভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে নেতাজনক দলৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডাই একাষৰীয়া কৰাৰ ক্ষোভত নেতাজনে পদত্যাগ কৰে ৷


ইফালে কংগ্ৰেছৰ দ্বাৰা হাৰিয়ানাৰ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ হিচাবে হুড্ডাক প্ৰক্ষেপ কৰাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে হাৰিয়ানাৰ নিৰ্বাচন পৰ্যবেক্ষণ কৰি থকা এজন কংগ্ৰেছ নীতি নিৰ্ধাৰকে ৷ কাৰণ হাৰিয়ানাৰ সৰ্বমুঠ ভোটাৰৰ 25 শতাংশ ভোটাৰ জাট সম্প্ৰদায়ৰ আৰু তেনেস্থলত ভূপেন্দ্ৰ সিং হুড্ডাৰ সেই জনসমষ্টিটোৰ ওপৰত থকা কৰ্তৃত্ব নিশ্চিতভাৱে বিজেপিৰ বাবে চিন্তনীয় ৷

মহাৰাষ্ট্ৰতো আভ্যন্তৰীণ সংঘাতত বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ ৷ বিজেপি-শিৱসেনা মিত্ৰজোঁটক ৰুধিবলৈ কংগ্ৰেছ নেতৃত্বই ৰণকৌশল তৈয়াৰ কৰি থকাৰ সময়তে লোকসভা নিৰ্বাচনৰ আগত দলটোৰ পৰা মহাৰাষ্ট্ৰ কংগ্ৰেছৰ অন্যতম নেতা মিলিন্দ দেওৰাই পদত্যাগ কৰে ৷
উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনত দলটোৱে ৰাজ্যখনৰ 48 খন আসনৰ ভিতৰত মাত্ৰ 2 খনতহে জয়ী হৈছিল ৷

আনহাতে হাৰিয়ানাটো দলটোৱে 10 খন আসনৰ এখনতো জয়ী হব পৰা নাছিল ৷


আনহাতে তানৱাৰ আৰু সঞ্জয় নিৰূপমক বাদ দি আন সকল ৰাহুল গান্ধীৰ দ্বাৰা প্ৰদান কৰা বিষয় বাবৰ ভিতৰত ত্ৰিপুৰাৰ প্ৰাক্তন প্ৰদেশ সচিব প্ৰদ্যুৎ মানিক্য আৰু ঝাৰখণ্ডৰ প্ৰাক্তন প্ৰদেশ অজয় কুমাৰৰ ক্ষেত্ৰতও একেই অৱস্থা পৰিলক্ষিত হৈছে ৷ দৰাচলতে দলত ৰাহুল গান্ধীৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱা আৰু মাতৃ ছোনিয়া গান্ধীয়ে দলৰ ভাৰপ্ৰাপ্ত সভাপতি ভাৰ লোৱাৰ পাছত বৰ্ষীয়ান সকলৰ শক্তি পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৷

2019 সাধাৰণ নিৰ্বাচনৰ পাছত ৰাহুল গান্ধীৰ সভাপতি পদৰ পৰা পদতযাগ লোৱাৰ পাছত সকলোৱে ভাবিছিল যে বৰ্ষীয়ানসকলৰ শক্তি বৃদ্ধি পাব আৰু ই দলত এক আমূল পৰিৱৰ্তন আনিব, কিন্তু কাৰ্যত এইয়া হৈ উঠা নাই ৷


আনকি ৰাহুলে পদত্যাগ কৰাৰ পাছত দলটোৱে যুৱ নেতৃত্ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সমৱেতও হৈছিল ৷ যাক কংগ্ৰেছ ইনচাইডাৰে 'প্ৰাক্তন ৰক্ষী বনাম নৱ নেতাৰ মতাদৰ্শৰ সংঘাত বুলি ব্যক্ত কৰিছে ৷


এইক্ষেত্ৰত ৰাজস্থানৰ অশোক গেহলট আৰু মধ্যপ্ৰদেশৰ কমল নাথে বৰ্ষীয়ান শিবিৰক প্ৰতিনিধিত্ব কৰি ৰাহুল গান্ধীৰ পৰম প্ৰিয় শচীন পাইলট আৰু জ্যোতিৰাদিত্যৰাও সিন্ধিয়াক চাপত ৰখা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details