অসম

assam

ETV Bharat / bharat

জাপে জাপে উদ্ধাৰ পুৰণি হাজাৰ-পাঁচশ টকীয়া নোট ! - জাপে জাপে উদ্ধাৰ পুৰণি হাজাৰ-পাঁচশ টকীয়া নোট !

2016 চনৰ 8 নৱেম্বৰৰ মাজনিশা দেশৰ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিছিল ভাৰতীয় অৰ্থনীতি জোকাৰি যোৱা সেই বিশেষ সিদ্ধান্তটো ৷ মাজনিশা ৰাষ্ট্ৰীয় সম্প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ৷ বন্ধ কৰিছিল 500 আৰু 1000 টকীয়া নোট ৷ কিন্তু শেহতীয়াকৈ দেশত লাখে লাখে উদ্ধাৰ হৈছে পুৰণি 500 আৰু 1000 টকীয়া নোট ৷

জাপে জাপে উদ্ধাৰ পুৰণি হাজাৰ-পাঁচশ টকীয়া নোট !

By

Published : Sep 24, 2019, 7:40 AM IST

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰঃ দেশৰ অৰ্থনীতিক জোকাৰি যোৱা বিশেষ সিদ্ধান্তটো আছিল প্ৰধানমন্ত্ৰীৰ ৷ 2016 চনৰ 8 নৱেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় সম্প্ৰচাৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল 500 আৰু 1000 টকীয়া নোট বন্ধ কৰাৰ কথা ৷ দেশত অৰ্থনৈতিক সংস্কাৰ,দুৰ্নীতি আৰু ক'লাধন ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰীয়ে অকলেই গ্ৰহণ কৰিছিল এই বিশেষ সিদ্ধান্তটো ৷ সেই সময়ত দেশে প্ৰধানমন্ত্ৰীৰ তাৎক্ষণিক সিদ্ধান্তৰ ফলত বহুটো অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে দেশৰ অৰ্থনীতিত দেখা দিছিল বহুটো দুৰৱস্থাই ৷

জাপে জাপে উদ্ধাৰ পুৰণি হাজাৰ-পাঁচশ টকীয়া নোট !

বিমুদ্ৰাকৰণৰ প্ৰায় তিনিটা বছৰ পিচটো দেশত এতিয়াও উভৈনদী হৈ আছে পুৰণি 500 আৰু 1000 টকীয়া নোট ৷ বিশ্বাস কৰিবলৈ টান যেন লাগিলেও এই কথাই সত্য ৷ দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও উভৈনদী হৈ আছে পুৰণি 500 আৰু 1000 টকীয়া নোট ৷

পশ্চিমবংগৰ বাগনান থানাৰ অন্তৰ্গত বেৰাবেৰিয়া গাঁৱৰ এটা নলাত উদ্ধাৰ হয় লক্ষাধিক পুৰণি 500 আৰু 1000 টকীয়া নোট ৷ স্থানীয় লোকে প্ৰথম অৱস্থাত নোটখিনি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ আৰক্ষীয়ে আহি ঘটনাস্থলীৰ পৰা বহুটো নোট অক্ষত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে কিছু নোট আধাপোৰা অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কোনো লোকে নোটখিনি জ্বলাই দিয়াৰ চেষ্টা চলাইছিল যদিও অত্যধিক মাত্ৰাত থকাৰ বাবে তেনেকৈয়ে আনি নলাত পেলাই দিয়ে ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ৷ আৰক্ষীৰ সূত্ৰই কিমান পৰিমাণৰ নোট আছিল সেই কথা প্ৰকাশৰ পৰা বিৰত থাকে যদিও বহু লক্ষাধিক হ'ব বুলি জনায় ৷

ABOUT THE AUTHOR

...view details