নিউজ ডেস্ক, ৯ জুনঃ মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ মহাদ তহছীল কোৱাৰেণ্টাই কেন্দ্ৰত মৃত্যু হয় এগৰাকী বৰ্ষীয়ান মহিলাৰ । ঘূৰ্ণীবতাহ নিসৰ্গৰ সময়ত এডাল প্ৰকাণ্ড গছ কোৱাৰেণ্টাইন কেন্দ্ৰত পৰাৰ ফলতেই মৃত্যু হয় মহিলা গৰাকীৰ । ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পুত্ৰই গ্ৰাম সমিতিৰ বিৰুদ্ধে মহাদ তহছীলৰ আঞ্চলিক বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ।
কোৱাৰেণ্টাইন কেন্দ্ৰত গছ পৰি মৃ্ত্যু মহিলাৰ
মহাৰাষ্ট্ৰৰ ৰাইগড় হাদ তহছীল কোৱাৰেণ্টাই কেন্দ্ৰত ঘূৰ্ণীবতাহ নিসৰ্গৰ সময়ত গছ পৰি মৃত্যু হয় এগৰাকী মহিলাৰ । ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পুত্ৰই গ্ৰাম সমিতিৰ বিৰুদ্ধে মহাদ মৌজাৰ আঞ্চলিক বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ।
উল্লেখ্য যে, বিগত ১০ দিন পূৰ্বে জানকীবাই নামৰ বৰ্ষীয়ান মহিলা গৰাকীয়ে মুম্বাই পৰা পৰা গৃহৰাজ্যলৈ উভতি অহাৰ পাছতেই মহিলা গৰাকীক গ্ৰাম সমিতিয়ে কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে । কিন্তু ঘূৰ্ণীবতাহ নিসৰ্গৰ বাবে ৰাজ্য চৰকাৰে সতৰ্কবাণী দিয়াৰ পাচতে মহিলা গৰাকীৰ পৰিয়ালে গ্ৰাম সমিতিক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা স্থানান্তৰিত কৰিবলৈ আহ্বান কৰে যদিও গ্ৰাম সমিতিয়ে স্থানান্তৰিত কৰিবলৈ মান্তি নহয় ।
ফলত ঘৰ্ণীবতাহ নিসৰ্গই অঞ্চলটোত তাণ্ডৱ চলোৱা সময়তে কোৱাৰেণ্টাইন কেন্দ্ৰটোত এডাল প্ৰকাণ্ড গছ বাগৰি পৰে । মহিলা গৰাকীৰ ওপৰত গছডাল বাগৰি পৰাৰ ফলতেই গুৰুতৰভাৱে আহত হয় মহিলা গৰাকী । সংকটজনক অৱস্থাত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় মহিলা গৰাকীৰ।