নিউজ ডেস্ক, 9 জুন : কোৱাৰেন্টাইন চেন্টাৰত গছ বাগৰি পৰি এগৰাকী বৃদ্ধাৰ মৃত্যু ৷ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহদ টেহচিলত ৷ মহিলাগৰাকীৰ পুত্ৰই ইতিমধ্যে গ্ৰাম সমিতিৰ বিৰুদ্ধে বিভাগীয় বিষয়াৰ এটি গোচৰ দাখিল কৰিছে ৷ মৃত মহিলাগৰাকীৰ নাম জানকীবাই দেৰে ৷
জানিব পৰা মতে, 10 দিন পূৰ্বে মুম্বাইৰ পৰা আহিছিল তেওঁ ৷ বাৱলী গাঁৱৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ নিৰ্দেশ দিয়া হৈছিল মহিলাগৰাকীক ৷ তেওঁৰ পৰিয়ালে গ্ৰাম সমিতিক মহিলাগৰাকীক আন স্থানলৈ স্থানান্তৰ কৰাৰ বাবে অনুৰোধ জনাইছিল যদিও গাঁও সমিতিয়ে সেই অনুৰোধ উপেক্ষা কৰে ৷