নেশ্বনেল ডেস্ক, 26 জানুৱাৰীঃদেশৰ অন্যান্য 409 গৰাকী শৌৰ্য বঁটা বিজয়ীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা আৰক্ষী শৌৰ্য বঁটা গ্ৰহণ কৰে 2008 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আব্দুল জাব্বৰে ৷ এইগৰাকীয়ে সৰ্বভাৰতীয় বিষয়াৰ নেতৃত্বতে 2016 চনৰ 8 জুলাই তাৰিখে চলোৱা এক অভিযানত নিহত হৈছিল জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ নামত নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ বুৰহান ৱানী ৷ বিহাৰৰ ঔৰংগাবাদ জিলাৰ বাসিন্দা জাব্বৰে বৰ্তমানে ইন্টেলিজেন্স ব্যুৰোৰ সৈতে কৰ্মৰত হৈ আছে ৷ বুৰহান ৱানীৰ এনকাউন্টাৰৰ সময়ত অনন্তনাগ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আব্দুল জাব্বৰ ৷ তেওঁ আৰক্ষী তথা সেনাৰ দলটোক এই অভিযানকালৰ সময়ত নেতৃত্ব দিছিল ৷ বুৰহান ৱানীৰ মৃত্যুৰ পৰৱৰ্তী ছমাহ সময়লৈ জম্মু-কাশ্মীৰত একপ্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি কৰিছিল সন্ত্ৰাসবাদৰ পোষকতাকাৰীসকলে ৷ সেই সময়ৰ ভিতৰতে সংঘটিত হোৱা হিংসাত 100 অধিক সাধাৰন লোক নিহত হৈছিল ৷
বুৰহান ৱানীৰ এনকাউন্টাৰত অংশগ্ৰহণ কৰা সৈন্য বিষয়ালৈ শৌৰ্য বঁটা - শৌৰ্য বঁটা বিজয়ী
গনতন্ত্ৰ দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ হাতৰ পৰা আৰক্ষী শৌৰ্য মেডেল গ্ৰহণ কৰে 2008 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আব্দুল জাব্বৰে ৷ এইগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা অভিযানতে নিহত হৈছিল হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ বুৰহান ৱানী ৷
বুৰহান ৱানীৰ এনকাউন্টাৰত অংশগ্ৰহণ কৰা সৈন্য বিষয়ালৈ শৌৰ্য বঁটা
উল্লেখ্য যে, আৰক্ষী শৌৰ্য বঁটা হৈছে সাহসিকতাৰ বাবে দেশৰ সৰ্বোচ্চ আৰক্ষী সন্মান ৷ এইবেলি গনতন্ত্ৰ দিৱসত জম্মু-কাশ্মীৰ আৰক্ষীয়ে সৰ্বাধিক সংখ্যক 108 টা আৰক্ষী পদক লাভ কৰিবলৈ সক্ষম হয় ৷