নেশ্বনেল ডেস্ক, 2 ছেপ্তেম্বৰ : উৰিষ্যাৰ এগৰাকী গৰ্ভৱতী মহিলাই কটকৰ এখন চিকিৎসালয়ৰ চৌহদত প্ৰসৱ কৰিলে সন্তান ৷ দেওবাৰে কটকৰ গুৰুদীজাতিয়া স্বাস্থ্য কেন্দ্ৰত যাৱতীয় ব্যৱস্থা উপলব্ধ নোহোৱাৰ বাবে চিকিৎসালয় চৌহদতে সন্তান প্ৰসৱ কৰিবলগা হয় মহিলাগৰাকীয়ে ৷ ইয়াৰ পাছতে মহিলাগৰাকীক অন্য এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও নৱজাতক শিশুক মৃত ঘোষণা কৰা হয় ৷
চিকিৎসালয় চৌহদত সন্তান প্ৰসৱ উৰিষ্যাৰ মহিলাৰ - কুনি মহাৰনা
উৰিষ্যাৰ এগৰাকী গৰ্ভৱতী মহিলাই কটকৰ এখন চিকিৎসালয়ৰ চৌহদত প্ৰসৱ কৰিলে সন্তান ৷ দেওবাৰে কটকৰ গুৰুদীজাতিয়া স্বাস্থ্য কেন্দ্ৰত যাৱতীয় ব্যৱস্থা উপলব্ধ নোহোৱাৰ বাবে চিকিৎসালয় চৌহদতে সন্তান প্ৰসৱ কৰিবলগা হয় মহিলাগৰাকীয়ে ৷ ইয়াৰ পাছতে মহিলাগৰাকীক অন্য এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও নৱজাতক শিশুক মৃত ঘোষণা কৰা হয় ৷
![চিকিৎসালয় চৌহদত সন্তান প্ৰসৱ উৰিষ্যাৰ মহিলাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4319314-thumbnail-3x2-od-2.jpg)
চিকিৎসালয় চৌহদত সন্তান প্ৰসৱ উৰিষ্যাৰ মহিলাৰ
উল্লেখ্য যে, কুনি মহাৰনা নামৰ মহিলা গৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰাৰ পাছতে গুৰুদীজাতিয়া স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও গেট বন্ধ হোৱাত চিকিৎসালয় চৌহদতে সন্তান প্ৰসৱ কৰিবলগীয়া হয় ৷ ইয়াৰ পাছতে মাতৃ আৰু সন্তানক বেৰহমপুৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও নৱজাতক শিশুক মৃত ঘোষণা কৰা হয় ৷ আনহাতে, মহিলা গৰাকীক বিপদমুক্ত বুলি ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷
আনহাতে, উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাসে স্বাস্থ্য বিভাগক তিনি দিনৰ ভিতৰত ঘটনা সম্পৰ্কত অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷