নেশ্যনেল ডেক্স, 29 মেঃ উড়িশাৰ নৰসিংহপুৰত সংঘটিত হৈছে নৃসংশ হত্যাকাণ্ড । ছুট্টাক জিলাৰ নৰসিংহপুৰত 50 বৰ্ষীয় এগৰাকী ব্যক্তিক ভগৱানৰ নামত বলি দিয়ে মন্দিৰৰ পূজাৰীয়ে । আৰক্ষীয়ে জনায় যে, সংসাৰী ওজা নামৰ 73 বৰ্ষীয় অভিযুক্ত পূজাৰীজনে সৰোজ প্ৰধান নামৰ ব্যক্তিগৰাকীক বন্ধহুদা নামৰ গাঁওখনৰ এটি মন্দিৰৰ ভিতৰত ডিঙি কাটি হত্যা কৰে ।
উৰিষ্যাৰ নৰসিংহপুৰত নৃসংশ হত্যাকাণ্ড হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্মতি জনাই অভিযুক্ত পূজাৰী গৰাকীয়ে কয় যে, কোভিড-19 মহামাৰী ৰোধৰ বাবে তেখেতে ভগৱানৰ নিৰ্দেশতে মানুহ উৎসৰ্গা কৰিছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, মন্দিৰৰ পূজাৰী আৰু সৰোজ প্ৰধানৰ মাজত 'ত্যাগ'ক কেন্দ্ৰ কৰিয়েই বাকবিতণ্ডা হয় । এই বাকবিতণ্ডাই পৰৱৰ্তী সময়ত গম্ভীৰ ৰূপ লোৱাত অভিযুক্ত সংসাৰী ওজাই সৰোজ প্ৰধানক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে । আনহাতে, হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত পূজাৰীজনে স্থানীয় আৰক্ষী চকীত আত্মসমৰ্পন কৰে । অভিযুক্তৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ইয়াৰ উপৰিও ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
এইপৰ্যন্ত আৰক্ষীয়ে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু স্থানীয় লোকে জনোৱা অনুসৰি অভিযুক্ত সংসাৰী ওজাৰ বহু দিনৰে পৰা সৰোজ প্ৰধানৰ সৈতে গাঁৱৰ এখন আমৰ বাগিচাক কেন্দ্ৰ কৰিয়েই সংঘাতৰ সৃষ্টি হৈ আহিছিল । এই সংঘাতৰ পৰিণতি স্বৰূপেই তেখেতে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ ।
লগতে পঢ়ক-"আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !