অসম

assam

ETV Bharat / bharat

COVID-19: সাহায্য দিবলৈ ছিত্ৰশিল্প নিলাম উড়িশাৰ বলুকা শিল্পী - সুদৰ্শন পাটনায়ক

বলুকা শিল্পী সুদৰ্শন পাটনায়কে COVID-19 ৰ বিৰুদ্ধে সাহায্যৰ ধন গোটাবলৈ তেওঁৰ 5 খন বলুকা শিল্পৰ ছবিৰ নিলাম কৰিছে । নিলামৰ পৰা পোৱা সমস্ত ধন প্ৰদান কৰিব প্ৰধান মন্ত্ৰীয়ে গঠন কৰা PM-Cares পুঁজিলৈ ।

COVID-19: সাহায্য দিবলৈ ছিত্ৰশিল্প নিলাম উড়িশাৰ বলুকা শিল্পীৰ
COVID-19: সাহায্য দিবলৈ ছিত্ৰশিল্প নিলাম উড়িশাৰ বলুকা শিল্পীৰ

By

Published : Apr 14, 2020, 10:25 AM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা উড়িশাৰ বলুকা শিল্পী সুদৰ্শন পাটনায়কে সোমবাৰে কয় যে, বালিত নিৰ্মান কৰা বলুকা শিল্পৰ ছবি পাঁচ খন নিলাম কৰিব । কৰ'ণা ভাইৰাচৰ সৈতে যুজিবলৈ তেওঁ নিলামৰ পৰা পোৱা সমস্ত ধনৰাশি দান কৰিব । প্ৰধানমন্ত্ৰীৰ PM-Cares পুঁজিলৈ এই ধন আগবঢ়োৱাৰ লগতে ৰাজ্য চৰকাৰলৈও প্ৰদান কৰিব এটা অংশ ।

টুইটাৰত এখন ফটো প্ৰকাশ কৰি তেওঁ এই বিষয়ে সদৰি কৰে । লগতে তেওঁ লিখে- "শিল্পী হিচাপে মই কৰ্তব্য পালন কৰি দেশৰ সৈতে থিয় হৈছো । COVID-19 ৰ বিৰুদ্ধে যুঁজত সাহায্য দিবলৈ মই বলুকা শিল্পৰ ছবি নিলামৰ বাবে আগবঢ়াইছোঁ । আগ্ৰহী সকলে মোক পোনপটীয়াকে টুইটাৰত মেচেজ কৰিব পাৰে ।"

"এতিয়ালৈ মই বহু কেইটা মেচেজ পাইছো । এতিয়া ছবি সমূহৰ সৰ্বোচ্চ দাম পোৱাৰ বাবে ৰৈ আছোঁ ।"- পাটনায়কে কয় ।

তেওঁ নিলামৰ বাবে আগবঢ়োৱা তিনিখন ছবি জাৰ্মানীত প্ৰস্তত কৰা আৰু দুখন ক্ৰমে তুৰ্কী আৰু চীনত নিৰ্মান কৰিছিল ।

বিভিন্ন বঁটাপ্ৰাপ্ত শিল্পীজনে সমাজিক দায়বদ্ধতাৰ পৰিচয় দি বিভিন্ন সময়ত বালিত নিজৰ কলা-কৌশলেৰে জনসাধাৰণক বাৰ্তা প্ৰেৰণ কৰি আহিছে । অলপতে সামাজিক দূৰত্ব, মাস্কৰ প্ৰয়োজনীয়তা, ইত্যাদি বিষয় লৈয়ো বলুকা শিল্প নিৰ্মাণ কৰি জনসাধাৰণৰ মাজত সচেতনতা বঢ়োৱাৰ চেষ্টা কৰিছিল শিল্পীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details