নিউজ ডেস্ক, 18 জুনঃ বৃহস্পতিবাৰৰ দিনটোত ওড়িশাত 174 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই 4500 ৰ সীমা অতিক্ৰম কৰি 4,512 লৈ বৃদ্ধি হয় । ৰাজ্যখনৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে এই কথা ।
ওড়িশাত COVID আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 4500 ৰ সীমা - ওড়িশাত 174 লোকৰ দেহত ধৰা পৰে COVID
বৃহস্পতিবাৰে ওড়িশাত 174 লোকৰ দেহত ধৰা পৰে COVID-19 । ইয়াৰ ফলত ৰাজ্য খনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 4512 গৰাকীলৈ ।
ওড়িশাত COVID আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 4500 ৰ সীমা
নতুনকৈ ধৰা পৰা 174 গৰাকীৰ ভিতৰত 146 গৰাকী লোক বহিঃ ৰাজ্যৰ পৰা অহা আছিল । আনহাতে ভ্ৰমণ ইতিবৃত্ত নথকা আক্ৰান্ত লোকসকলৰ কন্টেক্ট ট্ৰেছিংৰ বাবে ব্যৱস্থা কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ।
এই নতুন কেছ সমূহ 18 খন জিলাৰ পৰা আহিছে । বৰ্তমান ৰাজ্যখনত 1451 টা এক্টিভ কেছ আছে । বৰ্তমান 3,047 গৰাকী লোক সুস্থ হৈছে আৰু হাস্পতালৰ পৰা যাৱলৈ দিয়া হৈছে আৰু মৃত্যু হৈছে 11 গৰাকী লোকৰ ।