অসম

assam

ETV Bharat / bharat

ওড়িশাৰ ৰসগোল্লালৈ ভৌগোলিক সংকেত - ভৌগলিক সংকেত

সোমবাৰে চেন্নাইস্থিত ভৌগোলিক সংকেত পঞ্জীয়কৰ কাৰ্যালয়ে ৰসগোল্লাক প্ৰদান কৰে জি আই টেগ ৷ অৰ্থাৎ এতিয়াৰে পৰা ওড়িশাৰ ৰসগোল্লাৰ থাকিব এক নিজস্ব পৰিচয় তথা ভৌগোলিক সংকেত ৷

ওড়িশ্যাৰ ৰসগোল্লালৈ ভৌগলিক সংকেত

By

Published : Jul 29, 2019, 11:47 PM IST

Updated : Jul 30, 2019, 8:11 AM IST

নিউজ ডেস্ক, 29 জুলাইঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত সোমবাৰে বহু প্ৰত্যাশিত খবৰটো লাভ কৰে ওড়িশাবাসীয়ে ৷ ৰাজ্যখনৰ প্ৰখ্যাত ৰসগোল্লালৈ চেন্নাইস্থিত ভৌগোলিক সংকেত পঞ্জীয়কৰ কাৰ্যালয়ে প্ৰদান কৰে ভৌগোলিক সংকেত ৷ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্বন অৱ গুডছ( ৰেজিষ্ট্ৰেশ্বন এণ্ড প্ৰটেকশ্বন) এক্ট,1999ৰ অধীনত ৰাজ্যখনৰ ৰসগোল্লাক প্ৰদান কৰা হয় এই বিশেষ সাংকেতিক মানক ৷ ভৌগোলিক সংকেত পঞ্জীয়কৰ কাৰ্যালয়ে প্ৰদান কৰা প্ৰমাণ-পত্ৰ অনুসৰি 2028 চনৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈ এই সাংকেতিক মানক বৈধ থাকিব ৷ পশ্চিমবংগৰ সৈতে দীৰ্ঘদিনীয়া এক সংঘৰ্ষৰ অন্তত ৰাজ্যখনে লাভ কৰিছে এই সাংকেতিক মানক ৷ উল্লেখ্য যে, 2017 চনতে বাংলাৰ ৰসগোল্লা নামে পশ্চিমবংগয়ো লাভ কৰিছিল ৰসগোল্লাৰ ভৌগোলিক সংকেত ৷

ওড়িশ্যাৰ ৰসগোল্লালৈ ভৌগলিক সংকেত
ভৌগলিক সংকেত প্ৰমাণপত্ৰখন
Last Updated : Jul 30, 2019, 8:11 AM IST

ABOUT THE AUTHOR

...view details