অসম

assam

By

Published : Sep 7, 2020, 10:44 AM IST

ETV Bharat / bharat

আদালতত বিবাহ বিচ্ছেদৰ আবেদন সাংসদৰ

ওড়িয়া ছবিজগতৰ জনপ্ৰিয় জুটি অনুভৱ মোহান্তে আৰু বৰ্ষা প্ৰিয়দৰ্শিনীয়ে বিবাহৰ 6 বছৰৰ পিছত দাখিল কৰিছে বিবাহ বিচ্ছেদৰ আবেদন ৷ দিল্লীৰ এখন আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে অভিনেতা তথা সাংসদ অনুভৱ মোহান্তেই ৷

Odisha MP files divorce petition in Delhi court
দিল্লীৰ আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল ওড়িশাৰ সাংসদৰ

নেশ্যনেল ডেক্স, 7 ছেপ্তেম্বৰঃ ওড়িয়া ছবিৰ অভিনেতা আৰু বিজু জনতা দলৰ সাংসদ অনুভৱ মোহান্তেই পত্নী বৰ্ষা প্ৰিয়দৰ্শিনীৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতত দাখিল কৰিছে বিবাহ বিচ্ছেদৰ আবেদন ৷ এই ঘটনাটো পোহৰলৈ আহে দেওবাৰে ৷ উল্লেখ্য যে, বৰ্ষাৰ দ্বাৰা স্বামী অনুভৱৰ বিৰুদ্ধে ঘৰুৱা হিংসা সন্দৰ্ভত ছাট্টাকৰ এখন স্থানীয় আদালতত আবেদনৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাটো পেহৰলৈ আহে ৷

আনহাতে, সাংসদ অনুভৱ মোহান্তেই নিজৰ এক প্ৰেছ বিবৃতিত কয় যে, ‘মই বৰ্ষাৰ সৈতে প্ৰেম বিবাহত আৱদ্ধ হৈছিলো ৷ মই বৰ্ষাক সফল নাৰী হিচাপে যথেষ্ট সন্মান কৰো ৷ বহু আগৰে পৰা আমাৰ বিবাহত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল ৷ মই সকলো বুজাৰ লগতে শুধৰোৱাৰ বাবে বহু চেষ্টা কৰিছো কিন্তু আশা কৰা ধৰণে ঠিক কৰিব নোৱাৰিলো ৷ গতিকে আমি পৃথক হোৱাটোৱেই উচিত সিদ্ধান্ত ৷ মই আৰু মোৰ পৰিয়ালে এই সন্দৰ্ভত পৰস্পৰ বুজাবুজিৰ মাজেৰে আঁতৰি অহাটোক সমৰ্থন কৰো কাৰণ আমি দুয়ো দুয়োৰে সামাজিক ছবি আৰু গৰিমাক সন্মান কৰো ৷ ’

বৰ্ষাই দাবী কৰিছে যে, অনুভৱে তেখেতক মাতৃ হোৱাৰ পৰা বঞ্চিত কৰি ৰাখিব বিচাৰিছে আৰু অনুভৱৰ কেইবাগৰাকীয়ো নাৰীৰ সৈতে অবৈধ সম্পৰ্ক আছে ৷ ইয়াৰ বিপৰীতে অনুভৱে নিজৰ আৱেদনত লিখিছে তেখেতে 2016 চনৰ পৰা নিজৰ এগৰাকী সহকৰ্মীৰ সৈতে সম্পৰ্কত থকা বুলি বৰ্ষাই ভুৱা অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, দুয়োগৰাকী অভিনেতাই 2014 চনৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হৈছিল ৷

লগতে পঢ়ক-ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

ABOUT THE AUTHOR

...view details