অসম

assam

ETV Bharat / bharat

ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক - ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

ওড়িশাৰ নৱৰংগপুৰ জিলাৰ পাপদাহান্দি অঞ্চলত বিধায়ক মনোহৰ ৰান্ধাৰিয়ে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎয়ালয়লৈ 6 কিঃমি পৰ্যন্ত সাঙীত তুলি নিয়ে ৷ গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা দেখি বিধায়কগৰাকীয়ে  স্থানীয় লোকৰ সহযোগত প্ৰায় 6 কিঃমি বাট লৈ যোৱা হ’ল সাঙীত ৷ পিচত তেওঁৰ নিজ বাহনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷

Odisha MLA carries pregnent women on cot
ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

By

Published : Feb 11, 2020, 12:01 PM IST

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰীঃমানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ওড়িশাৰ বিধায়ক মনোহৰ ৰান্ধাৰিয়ে ৷ ওড়িশাৰ নৱৰংগপুৰ জিলাৰ পাপদাহান্দি অঞ্চলত বিধায়ক মনোহৰ ৰান্ধাৰিয়ে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎয়ালয়লৈ 6 কিঃমি পৰ্যন্ত সাঙীত তুলি নিয়ে ৷

মইদালপুৰ পঞ্চায়তৰ অন্তৰ্গত কুচুমিখুন্টি গাঁৱৰ জেমা বেহেৰাৰৰ এগৰাকী মহিলাই পুৱা প্ৰসৱ বেদনাত চটফটাইছিল ৷ পৰিয়ালৰ লোকে জৰুৰীকালীন সেৱাক যোগাযোগ কৰিছিল যদিও বিধ্বস্ত যাতায়ত ব্যৱস্থাৰ বাবে উক্ত স্থানলৈ এম্বুলেন্স সেৱা যোৱাটো আছিল অসমৰ্থ ৷

আনহাতে ঘটনাটোৰ খৱৰ লাভ কৰি তাৎক্ষণিকভাৱে বিধায়কগৰাকী সেই গাঁৱখনত উপস্থিত হয় ৷ গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা দেখি বিধায়কগৰাকীয়ে স্থানীয় লোকৰ সহযোগত প্ৰায় 6 কিঃমি বাট লৈ যোৱা হ’ল সাঙীত ৷ পিচত তেওঁৰ নিজ বাহনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷

ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

বৰ্তমান মহিলাগৰাকী চিকিৎসকৰ নিৰীক্ষণত চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ বিধায়কগৰাকীৰ এই প্ৰচেষ্টা তথা কাৰ্যক এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ৷

আৰু পঢ়কঃদেওবাৰে কেৰেলাৰ বানপীড়িত লোকৰ বাবে নিৰ্মিত 121 টা ঘৰৰ চাবি অৰ্পণ কৰিব ইনাডু-ৰামোজী গোটে

ABOUT THE AUTHOR

...view details