হায়দৰাবাদ, ১৬ মে' : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই দেশত বলৱৎ কৰা হৈছে লক্ ডাউন । ২৪ মাৰ্চৰ মাজ নিশাৰ পৰাই দেশত ঘোষণা কৰা হৈছিল লক্ ডাউন । বৰ্তমান ১৭ মে' পৰ্যন্ত দেশত কাৰ্যকৰী হ'ব তৃতীয় পৰ্যায়ৰ লক্ ডাউন । ইতিমধ্যে কিছু শিথিলতা নিয়মৰ মাজেৰে চতুৰ্থ পৰ্যায়ৰ লক্ ডাউনৰো ইংগিত দিয়া হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ।
হায়দৰাবাদত আৱদ্ধ উৰিষ্যাৰ ৪০ গৰাকী প্ৰৱাসী শ্ৰমিকৰ আৰক্ষীক সহায়ৰ আহ্বান - ৪০ গৰাকী প্ৰৱাসী শ্ৰমিক
তেলেংগানা ৰাজ্যৰ হায়দৰাবাদত আৱদ্ধ উৰিষ্যাৰ বহু প্ৰৱাসী শ্ৰমিক । ঘণ্টা ধৰি ঘণ্টা বাছৰ বাবে অপেক্ষা কৰাৰ পাচত ৪০ গৰাকী প্ৰৱাসী শ্ৰমিকৰ হায়দৰাবাদৰ গোপালাপুৰুম আৰক্ষীলৈ সহায়ৰ আহ্বান । ইয়াৰ পাচতেই যাতায়তৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান আৰক্ষীৰ ।

কিন্তু এই লক্ ডাউনৰ মাজতেই বিভিন্ন ঠাইত বহু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ লগতে বহু অন্যান্য লোক আৱদ্ধ হৈ থাকিবলগীয়া হৈছে । শেহতীয়াকৈ হায়দৰাবাদত ৪০ গৰাকীকৈ উৰিষ্যাৰ প্ৰৱাসী শ্ৰমিক আৱদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱাৰ কথা পোহৰলৈ আহিছে । লক্ ডাউনৰ মাজতেই গৃহ ভূমিলৈ ঘূৰি যোৱাৰ বাবে চিকান্দ্ৰাবাদৰ পৰা বাছ বুক কৰিছিল যদিও ঘণ্টা জুৰি ঘণ্টা অপেক্ষা কৰাৰ পাচতো বাছ নহাত অৱশেষত গোপালাপুৰুম আৰক্ষীক সহায়ৰ বাবে আহ্বান জনায় দুৰ্ভগীয়া লোক কেইজনে । পিচত আৰক্ষীয়ে লোক কেইজনক লৈ যোৱাৰ বাবে যাতায়তৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ।
উল্লেখ্য় যে, লক্ ডাউনৰ মাজতেই হাজাৰ হাজাৰ প্ৰৱাসী শ্ৰমিকৰ লগতে বহু লোক খোজকাঢ়িয়ে নিজ-নিজ গৃহভূমিলৈ ঢাপলি মেলিছে । যাৰ ফলত বহু লোকে ইতিমধ্যে প্ৰাণো হেৰুৱাবলগীয়া হৈছে । শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা আৱদ্ধকৃত লোক সকলক গন্তব্য় স্থানলৈ নিয়াৰ বাবে বিশেষ শ্ৰমিক ৰে'লৰ ব্যৱস্থা কৰিছে ।