নিউজ ডেস্ক, 24 মাৰ্চঃ আহিবলগীয়া গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাচৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ নিৰ্দেশনাটোত অহা এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা ৰাজ্যখনৰ সকলো বিদ্যালয়তে ৰাতিপুৱাৰ ভাগত শিক্ষাদান অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে ৷
এপ্ৰিলৰ পৰা বিদ্যালয়ত ৰাতিপুৱা পাঠদান আৰম্ভ কৰিবলৈ নিৰ্দেশনা ওড়িশা চৰকাৰৰ - ওড়িশ্যা শিক্ষা বিভাগ
গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যখনৰ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
সৌজন্যঃ ANI
ৰাজ্যখনৰ শিক্ষা বিভাগে জাৰী কৰিছে এই নিৰ্দেশনা ৷ নিৰ্দেশনাটোত ৰাতিপুৱা 6বাজি 30 মিনিটৰ পৰা 10 বাজি 30 মিনিটলৈ শ্ৰেণীকোঠাসমূহ আয়োজন কৰিবলৈ কোৱা হৈছে ৷ ৰাতিপুৱা 10 বজাত মধ্যাহ্ন ভোজন প্ৰদান কৰিবলৈয়ো নিৰ্দেশনাটোত কোৱা হৈছে ৷ সমান্তৰালকৈ মাৰ্চ মাহৰ 30 তাৰিখৰ ভিতৰত ৰাজ্যখনৰ বিদ্যালয়সমূহক বাকী থকা সকলো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জাননী জাৰী কৰিছে ৷ মে মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰীষ্ম বন্ধৰ আগে আগে ৰাজ্যখনৰ চৰকাৰে এইদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷