অসম

assam

ETV Bharat / bharat

উৰিষ্যালৈ উভতি অহা লোকক ৰোগীৰ দৰে ব্যৱহাৰ নকৰিবলৈ চৰকাৰৰ আহ্বান

উৰিষ্যালৈ বৰ্তমানে 35,540 গৰাকী প্ৰৱজিত শ্ৰমিক উভতি আহিছে । বাহিৰৰ পৰা অহা লোকসকলে যাতে কোৱাৰেন্টাইন ভংগ নকৰে তাৰ বাবে সতৰ্কবানীও প্ৰদান কৰিছে ।

Breaking News

By

Published : May 7, 2020, 3:40 PM IST

নিউজ ডেস্ক, 7 মে': উৰিষ্যাৰ জনতাক ৰাজ্য চৰকাৰে বুধবাৰে এক গুৰুত্বপূৰ্ণ আহ্বান জনায় । বহি ৰাজ্যৰ পৰা উভতি অহা লোক সকলক নিজৰ ভাতৃ-ভগ্নীৰ দৰে ব্যৱহাৰ কৰি যাতে আকোৱালি লয় আৰু ৰোগীৰ দৃষ্টিৰে নাচাই তাৰ বাবে আহ্বানটোত কোৱা হৈছে ।

ইতিমধ্যে উৰিষ্যালৈ 35,540 গৰাকী প্ৰৱজিত শ্ৰমিকক উভতাই নিছে । আনহাতে বাহিৰৰ পৰা অহা এই লোকসকলে যাতে কোৱাৰেন্টাইন ভংগ নকৰে তাৰ বাবেও সতৰ্কবানী প্ৰদান কৰিছে ।

উৰিষ্য়ালৈ প্ৰতিদিনে বহু সংখক বহিৰাজ্যত লক ডাউনৰ সময়ত আৱদ্ধ থকা লোক উভতি আহিছে ।

চৰকাৰে বহি ৰাজ্যৰ পৰা লোক সকলক উভতাই অনাৰ দায়িত্ব পালনৰ লগতে তেওঁলোকক স্বাস্থ্যবান আৰু সন্মানৰ সৈতে জীয়াই থকাৰ ব্যৱস্থা কৰাৰ বাবেই এই আহ্বান জনাইছে ।

উৰিষ্যাত 12,000 টা অস্থায়ী স্বাস্থ্য কেন্দ্ৰ প্ৰস্তুত কৰি 5 লাখ ঘৰলৈ উভতা লোকক ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে ।

আনহাতে প্ৰৱজক শ্ৰমিকৰ সাহায্য শিবিৰত প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত 120 টকা আৰু শিশুৰ ক্ষেত্ৰত 100 টকাকৈ খাদ্যৰ নামত ব্যয় কৰিছে চৰকাৰে।

ABOUT THE AUTHOR

...view details