নিউজ ডেস্ক, 23 ডিচেন্বৰ :উৰিষ্যাৰ সুন্দৰগড় জিলাৰ বিমালাগাদা ৰেলৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত প্ৰতিত হৈছে এখন মালবাহী ৰে'ল ৷ জানিব পৰা মতে,ৰেলখনে মঙলবাৰে সন্ধিয়া নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 24 কিলোমিটাৰ বিপৰীত দিশত চলি যায় ৷
ঘটনা বিৱৰণ অনুসৰি বৰাচুনাৰ পৰা ৰাওখেলাৰ অভিমুখী এই ৰেল খন প্ৰায় 110 কিলোমিটাৰ বেগত আহিছিল ৷ সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাইছিল ৰেলখনে ৷ যাৰ ফলস্বৰূপে নিয়ন্ত্ৰণৰ বাহিৰত গৈ 24 কিলোমিটাৰ বিপৰীত দিশত চলি গৈছিল ৰেলখন ৷ইয়াৰ পিচতে ষ্টেচনটোৰ সমীপত চালকজনে ব্ৰেক প্ৰয়োগ কৰাত ৰেলখনৰ 4 টা ডবা লাইনৰ পৰা খহি পৰে ৷