নেশ্যনেল ডেস্ক, 8 জানুৱাৰী :ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে লাভ কৰিছে এখন পৰিচয়হীন পত্ৰ ৷ এই পত্ৰখনত দাবী কৰা হৈছে যে, কোনো দূৰ্বৃত্তই মুখ্যমন্ত্ৰীগৰাকীক হত্যা কৰিবৰ বাবে ষড়যন্ত্ৰ চলাইছে ৷ ইয়াৰ পাচতে ৰাজ্য চৰকাৰে ঘটনা সম্পৰ্কত এক তদন্ত আৰম্ভ কৰা বুলি বৃহস্পতিবাৰে চৰকাৰী তথ্যই প্ৰকাশ কৰে ৷
ইংৰাজীত লিখা পৰিচয়হীন পত্ৰখনত পাটনায়কৰ ঘৰৰ ঠিকনা লিখা হৈছিল ৷ লগতে লিখা হৈছে যে, তেওঁক হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত চুপাৰি কিলাৰ নিয়োগ কৰা হৈছে আৰু যিকোনো সময়তে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিব পাৰে ৷
পত্ৰখনত লিখা হৈছে, "মই জনাব বিচাৰো যে, আপোনাক হত্যা কৰিবৰ বাবে চুপাৰি কিলাৰ নিয়োগ কৰা হৈছে ৷ এই হত্যাকাৰীক প্ৰদান কৰা হৈছে আধুনিক অস্ত্ৰ-শস্ত্ৰ যেনে, AK-47, ছেমি অটোমেটিক পিষ্টল ৷ এই অপৰাধীয়ে আপোনাক যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে ৷"
মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ বাবে ইতিমধ্যেই ৰাজ্যত অস্ত্ৰ-শস্ত্ৰ আহি পোৱাহি বুলি জনোৱাৰ লগতে পত্ৰখনত কোৱা হৈছে, "মই আপোনাক জনাব বিচাৰো যে, আপোনাক যিকোনো সময়তে হত্যা কৰিব পাৰে, সেয়েহে সাৱধান হৈ থাকক..,"