নিউজ ডেস্ক, 15 এপ্ৰিলঃলোকসভা তথা বিধানসভা নিৰ্বাচনৰ সময়তে ওড়িশাৰ খোৰডাত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত বিজেপি দলৰ এগৰাকী মণ্ডল সভাপতি থিতাতে নিহত হয় ৷ ঘটনা অনুসৰি খোৰডা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কালু খাণ্ডিত ৰায়ৰ সৈতে এক নিৰ্বাচনী কেন্দ্ৰত আলোচনাত ব্যস্ত হৈ আছিল দলটোৰ মণ্ডল সভাপতি মাংগুলী জেনা ৷ নিশা ঠিক 12 বজাৰ সময়তে সেই স্থানত বাইকেৰে অহা দুৰ্বৃত্তই খাণ্ডিত ৰায়লৈ লক্ষ্য কৰি শূণ্য দূৰত্বৰ পৰা গুলীচালনা কৰে ৷ গুলীচালনাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় বিজেপিৰ মণ্ডল সভাপতি মাংগুলী জেনা ৷
খোৰডাত বিজেপিৰ মণ্ডল সভাপতিক গুলীয়াই হত্যা - বিজেপি সভাপতি হত্যা
খোৰডাৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলা কালু খাণ্ডিতৰায় আছিল দুষ্কৃতিকাৰীৰ প্ৰথম লক্ষ্য
খোৰডাত বিজেপি সভাপতিক গুলীয়াই হত্যা
আনহাতে গুলীচালনাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা মাংগুলী জেনাক স্থানীয় খোৰডা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক ৷ এই ঘটনাৰ পিচতেই সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ সোমবাৰে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 2 বজালৈ ঘটনাৰ প্ৰতিবাদত বন্ধ ঘোষণা কৰে বিজেপি কৰ্মীসকলে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককে ধৰি বিজেপিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷