নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: ওড়িশাত পিয়াঁজৰ মূল্য বৃদ্ধি বাহাল থকাৰ সময়তে, ওড়িশা চৰকাৰে বৃহস্পতিবাৰে জিলা বিষয়া সকলক পৰিস্থিতিৰ তীব্ৰ নজৰ ৰাখিবলৈ আৰু উচিত মূল্যত বজাৰসমূহত সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে,ৰাজ্যখনত পিয়াঁজৰ মূল্য 80 টকালৈ বৃদ্ধি পাইছে ৷
পিয়াঁজৰ বৰ্ধিত মূল্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে খাদ্য যোগান আৰু উপভোক্তা কল্যাণ বিভাগেও ৷ বিভাগীয় কৰ্তৃপক্ষই জিলা উপায়ুক্তলৈ উচিত মূল্যত বজাৰসমূহ সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰে ৷