অসম

assam

ETV Bharat / bharat

ন্যূনতম আয় যোজনা হ’ব দৰিদ্ৰতাৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইকঃ ৰাহুল গান্ধী - নূ্য়নতম আয় যোজনা

ন্যূনতম আয় যোজনাৰ জৰিয়তে দৰিদ্ৰতাৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক কৰিব ৰাহুল গান্ধীয়ে

‘নূ্য়নতম আয় যোজনা হ’ব দৰিদ্ৰতাৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক : ৰাহুল গান্ধী

By

Published : Mar 26, 2019, 5:42 PM IST

নিউজ ডেস্ক, 26 মাৰ্চঃৰাজাস্থানত মঙলবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছ দল শাসনলৈ আহিলে ন্যূনতম আয় যোজনাৰ জৰিয়তে দৰিদ্ৰতাৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক কৰিব বুলি ঘোষণা কৰে ৷‘একৈশ শতিকাত ভাৰতে যদি ন্যূনতম আয় ৰেখা ধাৰ্য কৰিব আৰু কোনো লোক যাতে এই ৰেখাৰ তলত নাথাকে সেই কথা সুনিশ্চিত কৰিব ৷ এই কথাৰ ওপৰত আধাৰ কৰিয়ে তেওঁলোকে ন্যূনতম আয় যোজনাৰ কথা ভাবিছে ৷ মোদীচৰকাৰ খনে যদি ধনীক ধন দিব পাৰে আমিও দুখীয়াক ধন দিব পাৰিম ৷ দেশৰ 20শতাংশ দৰিদ্ৰ পৰিয়ালে বছৰি 72 হেজাৰ টকাকৈ ধন পাব’ বুলি তেওঁ নিৰ্বাচনী সভাখনত কয় ৷বি জে পি চৰকাৰখনে দুখীয়া বিৰোধী স্থিতি লৈ দৰিদ্ৰ ৰাইজক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল আৰু কংগ্ৰেছে দৰিদ্ৰতাক ধ্বংস কৰিব বুলি তেওঁ কয় ৷

ABOUT THE AUTHOR

...view details