অসম

assam

ETV Bharat / bharat

মাত্ৰ এটা দিনত বিমান যাত্ৰীৰ সংখ্যা ১,৬৮,৮৬০লৈ বৃদ্ধি - মাত্ৰ এটা দিনত বিমান যাত্ৰীৰ সংখ্যা ১,৬৮,৮৬০লৈ বৃদ্ধি

ক্ৰমাত বৃ্দ্ধি পাইছে বিমান যাত্ৰীৰ সংখ্যা। মাত্ৰ এটা দিনৰ ভিতৰতে বিমান যাত্ৰীৰ সংখ্যা প্ৰায় COVID-19ৰ সংক্ৰংমণৰ পূৰ্বে যাত্ৰা কৰা লোকৰ সংখ্যাৰ সমান হৈছেগৈ: কেন্দ্ৰীয় নাগৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰী।

মাত্ৰ এটা দিনত বিমান যাত্ৰীৰ সংখ্যা ১,৬৮,৮৬০লৈ বৃদ্ধি
মাত্ৰ এটা দিনত বিমান যাত্ৰীৰ সংখ্যা ১,৬৮,৮৬০লৈ বৃদ্ধি

By

Published : Oct 5, 2020, 4:13 PM IST

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ: কেন্দ্ৰীয় নাগৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মাত্ৰ এটা দিনৰ ভিতৰতে বিমান যাত্ৰীৰ সংখ্যা ১,৬৮,৮৬০ জনলৈ বৃদ্ধি পাইছে। টুইটযোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

টুইটত তেওঁ লিখিছে, "মাত্ৰ এটা দিনৰ ভিতৰতে বিমান যাত্ৰীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি হৈছে। COVID-19ৰ সংক্ৰংমণৰ পূৰ্বে যাত্ৰা কৰা লোকৰ সংখ্যাৰ সমান হৈছেগৈ বৰ্তমান বিমান যাত্ৰীৰ সংখ্যা। ৪ অক্টোবৰত ১,৬৮,৮৬০জন যাত্ৰীয়ে ১,৪৫৮ খন বিমানেৰে দেশৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰে। কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ পিছত যোৱা ২৫ মাৰ্চত বিমান যাত্ৰা বন্ধ কৰি দিয়া হৈছিল। যোৱা ২৫ মে'ৰ পৰা পুনৰ ঘৰুৱা বিমানৰ যাত্ৰা নিয়মীয়া কৰা হৈছে।"

লগতে পঢ়ক :লালুকত মাছ মাৰিবলৈ গৈ নিখোজ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details