নিউজ ডেস্ক, 5 জুলাই : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দেওবাৰে কয় যে, ৰাজ্যখনত কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে ৷ ৰাজ্যখনত বৰ্তমানে কোভিড-19 ৰোগীৰ বাবে 9,900 খন বিচনা খালী হৈ আছে ৷ টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে কেজৰিৱালে ৷ তেওঁ লগতে কয় যে, নিজ গৃহতেই অধিকসংখ্যক কোভিড-19 আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
"দিল্লীত কম সংখ্যক লোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে, অধিকসংখ্যক লোকেই নিজ গৃহতে আৰোগ্য লাভ কৰিছে ৷ বিগত সপ্তাহত প্ৰতিদিনে 2,300 ৰোগী আছিল দিল্লীত, কিন্তু বৰ্তমানে 6,200গৰাকী চিকিৎসাধীন ৰোগীৰ পৰা এই সংখ্য়া 5,300 গৰাকী হৈছে ৷ আজিৰ দিনত 9,900 কোভিড-19 বিচনা খালী হৈ আছে ৷" এইদৰে টুইট কৰে অৰবিন্দ কেজৰিৱালে ৷
দিল্লীত কোভিড-19 আক্ৰান্তৰ আৰোগ্যৰ হাৰ 70শতাংশৰো অধিক হৈছে বুলি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰাৰ লগতে উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোডিয়াই প্ৰকাশ কৰা অনুসৰি, আক্ৰান্তৰ হাৰ 36.94 শতাংশ পৰা 10.58 শতাংশলৈ অৱনমিত হৈছে ৷