নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰ : ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ (NSG) মুম্বাই শাখাই শিৰদি ছাইবাবা মন্দিৰৰ কাষত মকড্ৰিলৰ আয়োজন কৰে ৷ মন্দিৰৰ ওচৰত থকা এখন হোটেলত এই মকড্ৰিলৰ আয়োজন কৰা হয় ৷ সৰ্বমুঠ 40 গৰাকী কমাণ্ডোৱে এক ঘন্টাৰ বাবে এই মকড্ৰিলত অংশগ্ৰহণ কৰে ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে কমাণ্ডোসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই মকড্ৰিল আয়োজন কৰা হৈছিল ৷
মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল
শিৰদি ছাইবাবা মন্দিৰৰ কাষত মকড্ৰিলৰ আয়োজন কৰে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীয়ে (NSG) ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কমাণ্ডোসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই মকড্ৰিলৰ আয়োজন কৰা হয় ৷
ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল
মকড্ৰিলত কমাণ্ডোসকলে বিভিন্ন অ'পাৰেশ্যনৰ কলা কৌশল প্ৰদৰ্শন কৰাৰ লগতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা হোটেল এখনক সুৰক্ষিত কৰাৰ লগতে সম্ভাৱ্য অন্যান্য বিপদৰ পৰা মুক্ত কৰাৰ বিভিন্ন কৌশলৰ অনুশীলন কৰে ৷