নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীঃদিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বুধবাৰে প্ৰধানমন্ত্ৰী আৰু কেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল ৷ দিল্লীৰ শেহতীয়া পৰিস্থিতি বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণত বুলি প্ৰকাশ কৰিছে নিৰাপত্তা উপদেষ্টা গৰাকীয়ে ৷ মঙলবাৰে নিশা দিল্লীৰ জাফৰাবাদ, শীলামপুৰকে ধৰি উত্তৰ পূব দিল্লীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বিভিন্ন সম্প্ৰদায়ৰ বহু কেইজন নেতাৰ সৈতে আলোচনা কৰে অজিত ডভালে ৷ বৰ্তমান আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰা হৈছে ৰাজধানী দিল্লীত ৷ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলিও প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷
কেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল
দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী আৰু কেবিনেট সমিতিৰ সৈতে ৷
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিৎ ডভাল