নিউজ ডেস্ক, ২৯ এপ্ৰিলঃআমেৰিকাত বাস কৰা ভব্যা ৰেড্ডী নামৰ এগৰাকী ভাৰতীয় মহিলাই নিজৰ গাঁৱবাসীলৈ প্ৰদান কৰিছে ৫ লাখ টকা । কোভিড-১৯ মহামাৰীৰ সময়ত লকডাউনৰ বাবে ৰাইজে বহুটো অসুবিধাৰ সন্মুখীন হৈছে । বিশেষকৈ গাঁৱত বাস কৰা লোকসকলে ভয়ংকৰ খাদ্যৰ অভাৱত পৰা দেখিবলৈ পোৱা গৈছে ।
বিদেশত থকা ভাৰতীয়ই নিজ গাঁৱবাসীক প্ৰদান কৰিলে সাহাৰ্য - অৰবিন্দ ৰেড্ডীৰ নাতি
বিদেশত থকা এগৰাকী ভাৰতীয়ই নিজ গাঁৱৰ মানুহৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে । আমেৰিকাত থকা তেলেংগানাৰ মানচেৰিয়েলৰ বাসিন্দা ভব্যা ৰেড্ডীয়ে নিজৰ গাঁৱবাসীৰ বাবে ৫লাখ টকা দান কৰে ।
বিদেশত থকা ভাৰতীয়ই নিজ গাঁৱবাসীক প্ৰদান কৰিলে সাহাৰ্য
এনে সময়তে তেলেংগানাৰ মানচেৰিয়েল জিলাৰ বাসিন্দা ভব্যা ৰেড্ডীয়ে স্থানীয় লোকসকললৈ প্ৰদান কৰে ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য । উল্লেখ্য যে, ভব্যা ৰেড্ডীৰ ককাক অৰবিন্দ ৰেড্ডী মানচেৰিয়েল সমষ্টিৰ বিধায়ক আছিল । ভব্যাই প্ৰদান কৰা ধনৰাশিৰে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি সাধাৰণ ৰাইজক প্ৰদান কৰে ।
লগতে পঢ়কঃদূৰ্নীতি ! কৃষকৰ পৰিৱৰ্তে সাহায্যৰ ধন সোমাল চৰকাৰী কৰ্মচাৰীৰ একাউন্টত