অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ বাহিৰৰ নেতাক বিশ্বাস নকৰিবলৈ আহ্বান মমতাৰ

পশ্চিমবংগৰ জনতাক বাহিৰৰ নেতাৰ বক্তব্যত ভোল নাযাবলৈ আহ্বান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কিছুসংখ্যক নেতাই পশ্চিমবংগৰ জনতাক প্ৰলোভন দি থকা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ বাহিৰৰ নেতাক বিশ্বাস নকৰিবলৈ আহ্বান মমতাৰ

By

Published : Nov 21, 2019, 6:23 PM IST

নেশ্বনেল ডেস্ক, 21 নৱেম্বৰঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে তেওঁৰ ৰাজ্যৰ জনতাক বাহিৰৰ নেতাৰ মন্তব্যত ভোল নাযাবলৈ অনুৰোধ জনায় ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত মুৰ্চিদাবাদত এইদৰে ৰাজ্যখনৰ জনতাক উদ্দেশ্যি বক্তব্য ৰাখে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ এন আৰ চিৰ পুনৰ ৰূপায়ণৰ বিৰোধিতা কৰিব কংগ্ৰেছে

এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি "কিছুমান লোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত আপোনালোকক উচতাই আছে ৷ বাহিৰৰ কোনো নেতাকে বিশ্বাস নকৰিব,আমাৰ ওপৰত বিশ্বাস ৰাখক যিয়ে আপোনালোকৰ বাবে যুঁজি আছো আৰু আপোনালোকৰ পক্ষত থিয় দিছো ৷" এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ তেওঁ লগতে "ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কেতিয়াও হ'বলৈ দিয়া নহয়, এয়া মনত ৰাখিব ৷ এই বিষয়ে চিন্তা কৰিবলগীয়া কোনো কথা নাই ৷" বুলিও কয় ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক: ৰামদাস আঠাৱলে

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিন্ন বিষয় আৰু ভাৰতৰ সকলো ধৰ্মৰ লোকেকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আওঁতালৈ অনা হ'ব বুলি উল্লেখ কৰিছিল ৷ তেওঁ কয় যে,"ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সমগ্ৰ দেশতে কৰা হ'ব ৷ ইয়াক লৈ কোনোৱেই বিতত হোৱাৰ কাৰণ নাই,এইটো এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সকলোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আওঁতালৈ অনা হ'ব ৷" তেওঁ লগতে উল্লেখ কৰে যে,যাতে পাকিস্তান,বাংলাদেশ,আফগানিস্তানৰ দৰে দেশত ভুক্তভোগী হৈ থকা হিন্দু,বৌদ্ধ,শিখ,জৈন, খ্ৰীষ্টান আৰু পাৰ্ছী শৰণাৰ্থীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে তাৰ বাবে,নাগৰিকত্ব সংশোধনী বিধেয়ক গুৰুত্বপূৰ্ণ ৷ এই বক্তব্যৰ পিচতেই অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি লয় মমতা বেনাৰ্জীয়ে ৷ যাৰ বাবেই অমিত শ্বাহক বহিৰাগতৰ নেতা বুলি কৈ পৰোক্ষভাৱে তেওঁৰ বক্তব্যত ভোল নাযাবলৈ অনুৰোধ কৰে পশ্চিমবংগৰ জনসাধাৰণক ৷

লগতে পঢ়কঃ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক, 2016, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ 8 তাৰিখত লোকসভাত গৃহীত হৈছিল ৷ ইয়াৰ দ্বাৰাই বিজেপি চৰকাৰে বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান লোকসকল যিয়ে 2014 চনৰ 31 ডিচেম্বৰৰ আগতে ভাৰতলৈ আহিছিল তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details