অসম

assam

By

Published : Jan 6, 2020, 3:33 PM IST

ETV Bharat / bharat

শীঘ্ৰই বিহাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী প্ৰস্তুতিৰ কামঃ শ্বাহনাৱাজ হুচেইন

নাগৰিকত্ব সংশোধনী আইন (CAA)আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীক (NPR)ক সমৰ্থন JDUৰ ৷ বিহাৰত অতি সোনকালেই আৰম্ভ হ’ব ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ কাম ৷

শীঘ্ৰই বিহাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী প্ৰস্তুতিৰ কামঃ শ্বাহনাৱাজ হুচেইন
শীঘ্ৰই বিহাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী প্ৰস্তুতিৰ কামঃ শ্বাহনাৱাজ হুচেইন

নিউজ ডেস্ক, 6 জানুৱাৰীঃ অতিশীঘ্ৰই বিহাৰত আৰম্ভ কৰা হ’ব ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ প্ৰস্তুতিৰ কাম ৷ বিহাৰৰ জনতা দল ইউনাইটেড দলৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰপ্ৰতি আগবঢ়াইছে সমৰ্থন ৷ সোমবাৰে এই কথা সদৰি কৰে বিজেপিৰ নেতা শ্বাহনাৱাজ হুচেইনে ৷

বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ

জে ডি ইউয়ে সংসদত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত নিজৰ সমৰ্থন আগবঢ়াইছিল কাৰণ তেওঁলোকে জ্ঞাত যে,এই আইনে কোনো লোকৰ নাগৰিকত্ব খৰ্ব নকৰে ৷ জে ডি ইউৱে এটা দায়িত্বশীল ৰাজনৈতিক দল বুলিও উল্লেখ কৰে শ্বাহনাৱাজ হুচেইনে ৷

ইপিনে ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ প্ৰসংগত আমাৰ মিত্ৰজোঁটৰ মাজত কোনো ধৰণৰ মত বিৰোধ নাই বুলি উল্লেখ কৰি এই বিষয়ে বিহাৰত অতি সোনকালে কাম কৰা হ’ব বুলি মন্তব্য় কৰে হুচেইনে ৷হুচেইনে লগতে কংগ্ৰেছৰ প্ৰসংগ উত্থাপন কৰি কয় যে,কংগ্ৰেছে‘কা’ সন্দৰ্ভত জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছিল যদিও সফল নহ’ল ৷ এতিয়া যিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল সেই সকলৰ হৈ কংগ্ৰেছে চকু পানী টুকিছে বুলি কটাক্ষ কৰি সংসদত গৃহীত হোৱা আইনক বিৰোধিতা কৰি কংগ্ৰেছে সংসদ অৱমাননা কৰা বুলিও কয় বিজেপি নেতাগৰাকীয়ে ৷

ইপিনে অমিত শ্বাহাৰ নেতৃত্বতেই 6 জানুৱাৰীৰ পৰা ঘৰে-ঘৰে এই সন্দৰ্ভত প্ৰচাৰ কাৰ্য আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে,এই আইনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰলৈ ভাৰতৰৈ অহা হিন্দু,শিখ,জৈন,পাৰ্ছী,বৌদ্ধ,খ্ৰীষ্টান ধৰ্মালম্বীৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব ৷

লগতে চাওক-আজি বিশ্বচেম্পিয়ন কপিল দেৱৰ জন্মদি

ABOUT THE AUTHOR

...view details