হায়দৰাবাদ,27 ডিচেম্বৰ: দেওবাৰে হায়দৰাবাদৰ এপ'লো হাস্পতাল কৰ্তৃপক্ষই চুপাৰষ্টাৰ ৰজনীকান্তৰ স্বাস্থ্য প্ৰতিবেদন প্ৰকাশ কৰে ৷ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য মতে, চুপাৰষ্টাৰ গৰাকীৰ কোনো বিশেষ ৰোগ নাই যদিও ৰক্তচাপৰ তাৰতম্যৰ বাবেই স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ এটি চিকিৎসকৰ দলে চুপাৰষ্টাৰ গৰাকীৰ চিকিৎসাৰ বাবে অহৰহ চেষ্টা চলাই আছে ৷ যদি এদিনৰ পাচত স্বাস্থ্যৰ উন্নতি ঘটে তেন্তে চুপাৰষ্টাৰ গৰাকীক ঘৰলৈ পঠিয়াব বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰে ৷
চুপাৰষ্টাৰ ৰজনীকান্তৰ স্বাস্থ্যক লৈ চিন্তাৰ কোনো কাৰণ নাই - চুপাৰষ্টাৰ ৰজনীকান্ত
এপ'লো হাস্পতাল কৰ্তৃপক্ষই চুপাৰষ্টাৰ ৰজনীকান্তৰ স্বাস্থ্য প্ৰতিবেদন প্ৰকাশ কৰি কয় যে, চুপাৰষ্টাৰ গৰাকীৰ কোনো বিশেষ ৰোগ নাই ৷ ৰক্তচাপৰ তাৰতম্যৰ বাবেই স্বাস্থ্যৰ অৱনতি ঘটিছে গতিকে চিন্তাৰ কোনো কাৰণ নাই ৷ এদিনৰ পাচতে ঘৰলৈ যাব পাৰিব ৷
উল্লেখ্য যে, তীব্ৰ ৰক্তচাপৰ তাৰতম্যৰ বাবে শুক্ৰবাৰে এপ'লো হাস্পতাল ভৰ্তি হোৱা চুপাৰষ্টাৰ ৰজনীকান্ত ১৩ ডিচেম্বৰৰ পৰা তেওঁৰ তামিল ছবি 'আন্নাত্থে'ৰ শ্বুটিঙৰ বাবে হায়দৰাবাদতে আছিলে ৷ ইয়াৰ আগতে চুপাৰষ্টাৰ গৰাকীৰ চাৰি গৰাকী ক্ৰীউ মেম্বাৰৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰাৰ পাচতে নিজকে আচুতীয়াকৈ ৰাখিছিল যদিও ফলাফল নিগেটিভ আহে ৷ অভিনয়ৰ লগে লগে 2021 চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবেও নিজৰ ৰাজনৈতিক দলক সাজু কৰিবলৈ ব্যস্ত হৈ আছে চুপাৰষ্টাৰ গৰাকী ৷
লগতে পঢ়ক:সম্প্ৰচাৰ হ’ল প্ৰধানমন্ত্ৰী মোডীৰ বছৰৰ অন্তিমটো মন কী বাত অনুষ্ঠান