আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে চীনৰ চৰিত্ৰ ধাৰণ কৰা উচিত নহয়ঃ নৱদীপ সুৰী
আৰৱীয় দেশসমূহত অপৰ্যাপ্ত স্বাস্থ্য সেৱা,আছুতীয়াকৰণ,কোৱাৰেণ্টাইনৰ সুবিধা আদি নথকাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে এই দেশসমূহত কৰ্মৰত ভাৰতীয় লোকসকলৰ দুৰৱস্থাক লৈ চিন্তাৰ উদ্ৰেক হৈছে । আৰৱীয় দেশসমূহত থকা মুঠ ন মিলিয়ন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভিতৰত সংযুক্ত আৰৱ এমিৰেটছতে তিনি মিলিয়নতকৈ অধিক প্ৰব্ৰজনকাৰী ভাৰতীয় কৰ্মী আছে । অনাগত দিনত ভাৰতকে ধৰি আন দেশসমূহক তেওঁলোকক প্ৰত্যাৰ্পণ কৰিবলৈ এই দেশসমূহে কৈছে । যিহেতু কেৰালাৰ পৰা যথেষ্টসংখ্যক লোক আৰৱীয় দেশসমূহলৈ কৰ্মসূত্ৰে যায় সেয়ে এই বিষয়টো কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰী বিয়জনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰ এখনত উল্লেখ কৰিছিল । সংযুক্ত আৰৱ এমিৰেটছ বা চমুকৈ ইউ এ ইত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ বিশষ্ট ফেল’ নৱদীপ সুৰীৰ সৈতে জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই এই সন্দৰ্ভত এক বাৰ্তালাপত ভাগ লয় । এই বাৰ্তালাপত আৰৱীয় দেশসমূহত চলি থকা সংকট,কৰ্ম সংস্থাপনহীনতা আৰু উভতি অহা এইসকল লোকৰ ফলত ভাৰতৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হয় । অৱসৰপ্ৰাপ্ত কূটনীতিবিদগৰাকীৰ মতে লাখ লাখ লোকক উদ্ধাৰ কৰি সমস্যাৰ সমাধান কৰিব পৰাকৈ এয়া কোনো মানৱীয় সংকট নহয় । কোনো ধৰণৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা নাই বুলি তেওঁ মত প্ৰকাশ কৰে । সমূহীয়াভাৱে ক’ৰণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী হোৱাৰ পূৰ্বে কৰ’ণা ভাইৰাছৰ পাছত হ’ব লগা অৰ্থনৈতিক মন্দাৱস্থা আৰু জি২০ৰ দৰে সংস্থাই যথেষ্ট ভূমিকা পালন কৰিব। দুটাকৈ পৱিত্ৰ মছজিদ থকা ছৌদি আৰৱৰ লগতে ইছলামিক দেশসমূহে হাজীসকলৰ লগতে ধৰ্মীয় সমাৱেশবোৰৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেই বিষয়ে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে । আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাই লাভ কৰা শিক্ষা আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা সংস্থাৰ ক্ষেত্ৰতো প্ৰযোজ্য । তেওঁলোকে চীনৰ প্ৰভাৱত পৰাটো উচিত নহয় । যোগান শৃংখলৰ বটলনেকে ভাৰতৰ অৰ্থনীতিৰ স্বাভাৱিকতা পুনৰুদ্ধাৰৰ বাবে কিছু অৱদান আগবঢ়াব বুলিও তেওঁ মত প্ৰকাশ কৰে । সুৰীৰ সৈৈতে হোৱা সাক্ষাৎকাৰটো ইয়াত আগবঢ়োৱা হ’ল ।
প্ৰশ্ন—আৰৱীয় দেশসমূহত থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ দীৰ্ঘদিনৰে পৰা স্বাস্থ্যজনিত সমস্যা আছিল । এই অতিমাৰীৰ মাজত তেওঁলোকে কেনেধৰণৰ মানৱীয় সংকটৰ সন্মুখীন হৈছে?
ছৌদি বা এমিৰিটি যিয়ে নহওক বিভিন্ন আৰৱীয় দেশৰ নিজা নিজা ব্যৱস্থা আছে । স্বাস্থ্যজনিত বিষয়ৰ বাবে কিবা মানৱীয় সংকট বা দুৰ্যোগ হোৱা বুলি মই কেতিয়াও কোনো প্ৰতিবেদন দেখা পোৱা নাই । দুই-এটা ঘটনা থাকিব পাৰে । এতিয়ালৈকে সকলো চৰকাৰে প্ৰয়োজনীয় স্বাস্থ্য সেৱা আগবঢ়াবলৈ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে । আবদ্ধ হৈ থকা বা কৰ্ম সংস্থাপন হেৰুওৱা লোকসকলে নিজৰ দেশলৈ উভতি যোৱাটো নিশ্চিতভাৱে বিচাৰিব। কিন্তু সেইটো গৌণ বিষয় । এক আৰ্থিক আৰু স্বাস্থ্য সংকটে সমগ্ৰ বিশ্বকে গ্ৰাস কৰিছে । আৰৱীয় দেশসমূহো ইয়াৰ পৰা ৰক্ষা পোৱা নাই । আন দেশসমূহৰ দৰেই এই দেশসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । প্ৰতিখন দেশে নিজা নিজা ধৰণে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰি আছে ।
প্ৰশ্ন—কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰী বিয়জনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই বিষয়ে পত্ৰ লিখিছে । বাতৰিমতে বহুসংখ্যক নাৰ্ছ,ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে । বহু প্ৰব্ৰজনকাৰীয়ে ভাৰতৰ পৰা কম দামী ঔষধ জমা কৰিবলৈ নিয়ে । ভাৰত চৰকাৰে এই পৰিস্থিতি কেনেদেৰ নিয়ন্ত্ৰণ কৰিব পাৰে?
—আমাৰ ৰাষ্ট্ৰদূত আৰু কাউন্সেল জেনেৰেলৰ লগত কথা পাতিবলৈ মই পৰামৰ্শ দিম । তেওঁলোকে যিমান পাৰে সহায় আগবঢ়োৱাত জড়িত হৈ আছে । তেওঁলোকে নিৰ্দিষ্ট দেশসমূহৰ চৰকাৰৰ সৈতে কাম কৰিবলৈ সামাজিক অনুষ্ঠানৰো সৃষ্টি কৰিছে । তাত ভাৰতীয় লোকৰ সংখ্যা বহুত বেছি । নিৰ্দিষ্ট দেশখন আৰু এই লোকসকল য’ত কৰ্মৰত সেই প্ৰতিষ্ঠান বা নিয়োগকৰ্তাৰ তেওঁলোকৰ প্ৰতি প্ৰাথমিক দায়িত্ব থাকে । যেতিয়াই কিবা সমস্যাৰ উদ্ভৱ হয় দূতাবাসে নিশ্চয় আগবাঢ়ি যাব । তেওঁলোকে য’তে যেনেদৰে সহায় কৰিব পাৰে তাৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি মই বিশ্বাস কৰো ।
প্ৰশ্ন—আৰৱীয় দেশসমূহৰ পৰা নিজৰ নাগৰিকসকলক ঘূৰাই লৈ যোৱাৰ বাবে অপ্ৰস্তুত দেশসমূহৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞাৰ ব্যৱস্থা কৰিব বুলি ইউ এ ইয়ে প্ৰকাশ কৰিছে । ভৱিষ্যতৰ দ্বিপাক্ষিক সম্পৰ্কক ই কেনেদৰে প্ৰভাৱ পেলাব ? ভাৰতে কিমান দিনলৈকে নিজ দেশৰ নাগৰিকসকলক তাৰ পৰা উদ্ধাৰ নকৰাকৈ থাকিব লাগিব?
—ইউ এ ই চৰকাৰে প্ৰকৃততে কি প্ৰসংগত কি ধৰণৰ ভাষাৰে এই কথা কৈছে সেয়া অনুগ্ৰহ কৰি এবাৰ ভালকৈ চাওক । আমাৰ দূতাবাসে অবিৰতভাৱে চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলি আছে আৰু যেতিয়াই কিবা সমস্যাৰ সৃষ্টি হয় দিল্লীক জনাব । ভিছাৰ ম্যাদ শেষ হোৱাৰ বাবে সংযুক্ত আৰৱ এমিৰেটছ বা ইউ এ ইত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ ক্ষুদ্ৰ দল বা পৰ্যটকৰ ভিছাৰ মদ্যাদ শেষ হোৱা লোকসকল আৰু তাতে কাম কৰি থকা আন ধৰণৰ ভিছা থকা বৃহত্তৰ সমাজখনৰ মাজত পাৰ্থক্য বুজাটো জৰুৰী । এই ক্ষুদ্ৰ দলসমূহৰ সমস্যাটো অধিক গুৰুতৰ। আনকি কেৰেলাৰ মুখ্যমন্ত্ৰীৰ চিঠিখনত আবদ্ধ হৈ থকা এই ক্ষুদ্ৰ দলসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে,তেওঁ তাত কাম কৰি থকা লাখ লাখ লোকৰ কথা কোৱা নাই ।
প্ৰশ্ন—বাতৰি পোৱা অনুসৰি বহু শ্ৰমিক আবদ্ধ হৈ থকা বুলি জনা গৈছে । তেওঁলোক জনবহুল অঞ্চলত আবদ্ধ হৈ আছে । ইয়ে তেওঁলোকক অধিক ৰোগ প্ৰৱণ কৰি নোতোলিবনে?
—এখন মেট্ৰ’পলিছৰ সমান প্ৰায় ন মিলিয়ন ভাৰতীয় লোক এইসমূহ দেশত আছে । এখন সাধাৰণ বিমানে ১৮০ জন মানুহ কঢ়িয়াব পাৰে। মিলিয়ন মিলিয়ন লোকক ভাৰতলৈ আনিবলৈ হ’লে কিমান সংখ্যক বিমানৰ প্ৰয়োজন হ’ব মই কোৱাটো প্ৰয়োজন নে ? তেওঁলোকক ক’ত কোৱাৰেণ্টাইনত ৰাখিব? তদুপৰি ভাৰতত যিধৰণৰ কৰ’ণা ভাইৰাছ সৃষ্ট পৰিস্থিতি একেই পৰিস্থিতি আৰৱীয় দেশসমূহতো বুলি আমি নিশ্চিত হ’ব পাৰো জানো। উদ্ধাৰৰ বিষয়ে কথা পতাৰ আগেয়ে এইবোৰ বিষয়ৰ কথা আমি আলোচান কৰো আহক । চৰকাৰে সঠিকভাৱেই কৈছে যে এই পৰস্থিতিত আপুনি য’তেই আছে তাতেই থকাটো ভাল । আপুন য’ত আছে তাতে যাতে সম্ভৱপৰ সকলো যতন লাভ কৰে সেয়া নিশ্চিত কৰাটো প্ৰয়োজন । আমাৰ নাগৰিক সকলৰ চোৱাচিতা কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থান আমাৰ বহু চুবুৰীয়া দেশতকৈ আগত । ইউ এ ইতসেৱা আগবঢ়োৱাৰ অভিজ্ঞতাৰ পৰা মই আপোনাক ক’ব পাৰো যে আমাৰ সামাজিক অনুষ্ঠানত অতি ভাল এক নেটৱৰ্ক আছে । হয় তাত চাকৰি হেৰুওৱা লোক থাকিব । কৰ’ণা ভাইৰাছৰ পাছতে অৰ্থনৈতিক নিম্নগামিতা আৰম্ভ হৈছে । কোম্পানীসমূহে যেতিয়া শ্ৰমিকসকলক উলিয়াই দিয়ে তেতিয়া তেওঁলোকৰ প্ৰত্যাৱৰ্তন বা চাকৰি বিচৰা কালত সহায় আমি ইতিমধ্যে বিভিন্ন পৰিস্থিতিত কৰিছো। আমাৰ মিছনে এনেধৰণৰ কামৰ বাবে প্ৰস্তুত হৈ আছে । কিন্তু আমি আতংকময় পৰিস্থিতি আৰু দৌৰাদৌৰিৰ সৃষ্টি কৰিব নিবিচাৰো। ইয়াৰ ফলত কাৰোৰে সহায় নহয় ।