নিউজ ডেস্ক, ২ মে':দেশৰ তিনিওটা সেনাৰ সেনাপ্ৰধানৰ সৈতে হোৱা এক আলোচনাৰ অন্তত চিডিএছ বিপিন ৰাৱাটে সংবাদমাধ্যমক সম্বোধন কৰে । শুকুৰবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলত কৰ'ণা ভাইৰাছক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে চিডিএছ জেন. ৰাৱাটে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চিডিএছগৰাকীয়ে কৰ'ণা ভাইৰাছ জৈৱিক যুদ্ধনীতিৰ ফলাফল বুলি কোৱা কথাষাৰ অস্বীকাৰ কৰাৰ লগতে এনেকৈ কোৱাটো উচিত নহয় বুলি প্ৰকাশ কৰে । কৰ'ণা ভাইৰাছৰ উৎপত্তি আৰু তাৰ উৎস বিচাৰি যাবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব বুলি উল্লেখ কৰে দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. ৰাৱাটে ।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ য়ুহান চহৰৰ পৰা এই মাৰাত্মক ভাইৰাছৰ উৎপত্তি হৈ সমগ্ৰ বিশ্বৰে অৰ্থনীতি বন্ধ কৰি তোলাৰ লগতে ২,৩৩,০০০ লোকৰ প্ৰাণ কাঢ়ি নিছে বুলি উল্লেখ কৰিছিল । অৱশ্যে ট্ৰাম্পৰ এই দাবীক তেওঁৰে চোৰাংচোৱা বাহিনীয়ে অস্বীকাৰ কৰাৰ লগতে এই ভাইৰাছ পৰীক্ষাগাৰৰ পৰা উদ্ভৱ হৈছে নে জীৱ-জন্তুৰ শৰীৰৰ পৰা সংক্ৰমিত হৈছে তাক লৈ কোনো পৰীক্ষণ কৰা হোৱা নাই বুলি উল্লেখ কৰিছিল । এইক্ষেত্ৰত আমেৰিকাই চীনৰ য়ুহান চহৰস্থিত ইনষ্টিটিউট অৱ ভাইৰোল'জিৰ ওপৰত তদন্ত আৰম্ভ কৰিছিল আৰু ভাইৰাছটো চীনৰ পৰাই উদ্ভৱ হোৱা বুলি মন্তব্য কৰিছিল ।