বিশ্বজুৰি COVID19 এ মহামাৰী ৰূপ ধাৰণ কৰিছে ৷ বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিস্তৃত আলোচনা হৈছে ৷ যেনেকৈ নহওক, এই মহামাৰীয়ে সমগ্ৰ বিশ্বৰ গণতন্ত্ৰত এঠা দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব ৷ এই প্ৰাদুৰ্ভাৱৰ বাবে বহু সংখ্যক উন্নয়নশীল দেশে অগণতান্ত্ৰিকভাৱে যুঁজ কৰিব লগীয়া হৈছে আৰু এই যুঁজে নতুন সমীকৰণৰ উদ্ভৱ কৰিছে ৷ যি ভৱিষ্যতে চৰকাৰ আৰু জনতাৰ সম্পৰ্কত প্ৰভাৱ পেলাব ৷ বহু অঞ্চলত এই আতংকই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ইতিমধ্যেই প্ৰভাৱ পেলাইছে ৷
ক্ষমতাৰ লক্ষ্য :
বিভিন্ন দেশত চৰকাৰে আপাতঃদৃষ্টিত এই মহামাৰীৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ চেষ্টা কৰাৰ বাবে অধিক শক্তি প্ৰদান কৰা হৈছিল ৷ প্ৰায় 50 খনতকৈও অধিক দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বহুকেইখন দেশত চৰকাৰে বিৰোধীৰ অধিকাৰক আক্ৰমণ কৰি পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰিছে ৷ উদাহৰণ স্বৰূপে হাংগেৰীত এনে এখন আইন প্ৰণয়ন কৰা হৈছে, য'ত প্ৰধানমনত্ৰীক অনিৰ্দিষ্ট কালৰ বাবে শাসনৰ ক্ষমতা প্ৰদান কৰিছে ৷
বৰ্ধিত চেন্সৰ :
বিশ্বৰ বহু কেইখন দেশৰ চৰকাৰে বৰ্তমান তথ্য চেন্সৰিঙৰ সহায় লৈছে ৷ কোনবোৰ তথ্য প্ৰচাৰ কৰা হ'ব সেইয়া নিৰ্ধাৰণ কৰাতো নিত্যান্তই প্ৰয়োজনীয় ৷ এই সময়ত যাতে ভুল তথ্যন প্ৰচাৰ নহয় সেই নিশ্চিত কৰা উচিত, কিন্তু কিছুমান দেশৰ সংবাদ মাধ্যমক অগণতান্ত্ৰিকভাৱে দমন কৰাও পৰিলক্ষিত হৈছে ৷ ইতিমধ্যেই থাইলেণ্ডত কিছু সাংবাদিকৰ ওপৰত মহামাৰী সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰাৰ বাবে গোচৰ জাপি দিয়াও পৰিলক্ষিত হৈছে ৷