অসম

assam

ETV Bharat / bharat

70 লাখ নহয় ! এক লাখ লোকে হে অংশগ্ৰহণ কৰিব ট্ৰাপৰ পদযাত্ৰাত - মোডী আৰু ট্ৰাম্প

অহা 24 ফেব্ৰুৱাৰীত ‘বিশ্বৰ বৃহৎ গণতন্ত্ৰ’ৰ সৈতে মিলিত হ’ব ‘বিশ্বৰ পুৰণি গণতন্ত্ৰ’ ৷ ‘‘নমস্তে ট্ৰাম্পে’’ৰে আদৰণি জনোৱা পদযাত্ৰাত সমাগম হ’ব এক লাখ লোকৰ ৷

70 লাখ নহয় ! এক লাখ লোকে হে অংশগ্ৰহণ কৰিব ট্ৰাপৰ পদযাত্ৰাত
70 লাখ নহয় ! এক লাখ লোকে হে অংশগ্ৰহণ কৰিব ট্ৰাপৰ পদযাত্ৰাত

By

Published : Feb 20, 2020, 4:49 PM IST

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰীঃ ড'নাল্ড ট্ৰাম্পৰ আগমনকলৈ এতিয়া ব্যাপক তৎপৰতা আহমেদাবাদত ৷ দুদিনীয়া কাৰ্যসূচীৰ ভাৰত ভ্ৰমণলৈ আহিব ট্ৰাম্প ৷ যাৰ বাবে আয়োজন কৰা হৈছে মোডী আৰু ট্ৰাম্পৰ এক পদযাত্ৰা ৷ দুই নেতাই প্ৰায় 22 কিলোমিটাৰ পদযাত্ৰাত অংশ ল’ব ৷ অৱশ্যে পোন প্ৰথমে এই পদযাত্ৰাত 70 লাখ লোকৰ অংশগ্ৰহণৰ কথা আছিল যদিও বৰ্তমান আহমেদাবাদ পৌৰ নিগম আয়ুক্ত বিজয় নেহৰাই জানিব দিয়া অনুসৰি এক লাখ লোকৰ সমাগম ঘটিব ৷

24 ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ‘‘নমস্তে ট্ৰাম্পে’’ ৰে আদৰণি জনোৱা হ’ব ৰাষ্ট্ৰপতিগৰাকীক ৷

উল্লেখ্য যে, ট্ৰাম্পৰ এক ভাইৰেল হোৱা ভিডিঅ’ত 7 মিলিয়ন লোকে পদযাত্ৰাত অংশগ্ৰহণৰ কথা উল্লেখ কৰিছিল স্বয়ং ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ কিন্তু শেহতীয়াকৈ আহমেদাবাদ পৌৰ নিগমৰ আয়ুক্ত বিজয় নেহৰাই জানিবলৈ দিয়ে যে 70 লাখ নহয় 1 লাখ লোকে হে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব ৷ পদযাত্ৰাৰ কাৰ্যসূচী অনুসৰি মোডী আৰু ট্ৰাম্পে পোন প্ৰথমে সৱৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ পাচত বিশ্বৰ সৰ্ববৃহৎ ম'টেৰা ষ্টেডিয়ামও পৰিদৰ্শন কৰিব ৷ অৱশ্যে এই ষ্টেডিয়াম উদ্বোধনৰ কথাই ব্যাপক চৰ্চা লাভ কৰিছিল ছ’চিয়েল মিডিয়াত ৷

  • আনহাতে, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কয়, অহা 24 ফেব্ৰুৱাৰীত ‘বিশ্বৰ পুৰণি গণতন্ত্ৰ’ মিলিত হ’ব বিশ্বৰ বৃহৎ গণতন্ত্ৰৰ সৈতে ৷

ABOUT THE AUTHOR

...view details