নিউজ ডেস্ক, ২৭ এপ্ৰিলঃভাৰতীয় ৰেলৰ উত্তৰ ৰেলৱে ৱৰ্কশ্বপে এদিনতে প্ৰস্তুত কৰি উলিয়াইছে অভিলেখসংখ্যক ১,৫০০ পিপিই অৰ্থাৎ ব্যক্তিগত সুৰক্ষা সজুলি । লকডাউন আৰম্ভ হোৱাৰ পিচৰে পৰাই উত্তৰ ৰেলৱে এতিয়ালৈকে প্ৰায় ১০,০০০ ব্যক্তিগত সুৰক্ষা সজুলি প্ৰস্তুত কৰি উলিয়াইছে । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'ৰ পৰা অনুমতি প্ৰাপ্ত এইসমূহ পিপিই দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলক প্ৰদান কৰা হৈছে বুলি ৰেলৱে প্ৰকাশ কৰিছে ।
জগধ্ৰী ৰেলৱে ৱৰ্কশ্বপে ৫ এপ্ৰিলত ডিআৰডিঅ'ৰ দ্বাৰা নিৰ্ধাৰিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে কল্কা ৰেলৱে ৱৰ্কশ্বপৰ সহযোগত প্ৰায় ৬,৪৭২ টা পিপিই তৈয়াৰ কৰি উলিয়াই । ইয়াকে লৈ উত্তৰ ৰেলৱে সৰ্বমুঠ ১০,০০০ পিপিই নিৰ্মাণ কৰাৰ গৌৰৱৰ অধিকাৰী হোৱাৰ লগতে ৰেলৱেৰ মাণ্ডলিক ৱৰ্কশ্বপবোৰে লকডাউনৰ সময়চোৱাত তৈয়াৰ কৰি উলিওৱা সৰ্বমুঠ পিপিইৰ সংখ্যা প্ৰায় ২০,০০০ হয়গৈ ।