নিউজ ডেস্ক, ১৬ জুন :কৰ'ণা সস্ত্ৰাস চলি থকাৰ মাজতে দক্ষিণ কোৰিয়াই জনাই যে,উত্তৰ কোৰিয়াৰ উত্তৰ সীমান্তত এটা আন্ত কোৰিয়ান যোগাযোগৰ কাৰ্যালয় বিস্ফোৰিত হৈছে । তেওঁলোক জনোৱা অনুসৰি মঙলবাৰে দুপৰীয়া ২ বাজি ৪০ মিনিটত ভৱনটি বিস্ফোৰিত হৈছে । দক্ষিণ কোৰিয়াই অভিযোগ কৰা অনুসৰি,পূৰ্বেও উত্তৰ কোৰিয়াই ভৱনটি জ্বলাই দিয়াৰ হুংকাৰ দিছিলে ।
এই ঘটনাৰ"পিছত কিছু সংখ্যক বিশেষজ্ঞৰ মতে,উত্তৰ কোৰিয়াই নিজৰ হতাশাত এইবোৰ কৰি আছে । উত্তৰ কোৰিয়াৰ সৈন্যই মঙলবাৰে আন্তঃ কোৰিয়ান শান্তি চুক্তিৰ অধীনত পুনৰ উভতি যাবলৈ ধমকি প্ৰদান কৰে । কোৰিয়ান আৰ্মীৰ জেনেৰেল বিষয়া গৰাকীয়ে জনোৱা অনুসৰি,দুয়োখন দেশৰ সীমা সমস্যা সমাধান কৰাৰ বাবে সমীক্ষা কৰি থকা হৈছে ।