অসম

assam

ETV Bharat / bharat

লুধিয়ানাত উত্তৰ ভাৰতৰ প্ৰথমটো কুকুৰৰ ব্লাড বেংক - কুকুৰৰ ৰক্ত

পঞ্জাৱৰ লুধিয়ানাত কুকুৰৰ বাবে স্থাপন কৰা হৈছে উত্তৰ ভাৰতৰ প্ৰথমটো ব্লাড বেংক ৷ ভাৰতৰ মুঠ 25 খন ৰাজ্যৰ পৰা ইয়াত কুকুৰৰ ৰক্তৰ বাবে আবেদন কৰা হয় ৷ চিকিৎসক অধ্যক্ষ ড৹ সুকীৰ্তি শৰ্মাই এই কথা সদৰি কৰে ৷

North India's first blood bank established for dogs
উত্তৰ ভাৰতৰ প্ৰথমটো কুকুৰৰ ব্লাড বেংক

By

Published : Sep 18, 2020, 8:55 AM IST

Updated : Sep 18, 2020, 12:19 PM IST

নিউজ ডেস্ক, 18 ছেপ্তেম্বৰ: পঞ্জাৱৰ লুধিয়ানাৰ গুৰু অংগদ দেৱ ভেটেনেৰী এণ্ড এনিমেল চায়েঞ্চেছ ইউনিভাৰ্চিটিত কুকুৰৰ বাবে স্থাপন কৰা হৈছে এক বিশেষ ব্লাড বেংক ৷ উত্তৰ ভাৰতৰ এইটো হৈছে প্ৰথম ৰক্ত বেংক ৷

বিশ্ববিদ্যালয়খনৰ চিকিৎসক অধ্যক্ষ ড৹ সুকীৰ্তি শৰ্মাই সংবাদ মাধ্যমযোগে সদৰি কৰে যে, ‘‘প্ৰতিবছৰে আমি প্ৰায় 25,000 টা কুকুৰ সম্বন্ধীয় ঘটনাৰ সৈতে মুখামুখি হওঁ ৷ ইয়াৰ ভিতৰত 500-600 টা কুকুৰৰ দেহত হিমোগ্ল’বিনৰ মাত্ৰা কম হোৱা পৰিলক্ষিত হয়’’ ৷

লগতে তেওঁ কয় যে, ‘‘ভাৰতবৰ্ষৰ মুঠ 25 খন ৰাজ্যৰ পৰা ইয়াত কুকুৰৰ ৰক্তৰ বাবে আবেদন কৰা হয় ৷ এই ব্লাড বেংকটোৰ উপৰিও জৈৱ প্ৰযুক্তি বিভাগে প্ৰদান কৰা অনুমতি মৰ্মে চেন্নাইতো কুকুৰৰ বাবে এটা ব্লাড বেংক স্থাপন কৰা হৈছে ৷ বৰ্তমানলৈকে ইয়াত 125 বাৰ কুকুৰৰ ৰক্ত স্থানান্তৰিত কৰা হৈছে’’ ৷

লগতে পঢ়ক:চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ

Last Updated : Sep 18, 2020, 12:19 PM IST

ABOUT THE AUTHOR

...view details