অসম

assam

ETV Bharat / bharat

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ - দিল্লীৰ জন্তৰ-মন্তৰত উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে নতুন দিল্লীতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ নতুন দিল্লীৰ জন্তৰ-মন্তৰত উত্তৰ-পূৱৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

North East students protest against CA(A) in New Delhi
নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ

By

Published : Dec 15, 2019, 5:34 PM IST

নতুন দিল্লী, 15 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৱৰ লগতে দেশজুৰি অব্যাহত উত্তাল প্ৰতিবাদ ৷ দেশৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী নতুন দিল্লীতো উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ ৷ দেওবাৰে নতুন দিল্লীৰ জন্তৰ-মন্তৰত উত্তৰ-পূৱৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰতিবাদকাৰী ছাত্ৰসকলে কয় যে নাগৰিকত্ব সংশোধনী আইনখনে ভাৰতীয় সংবিধানক চূড়ান্ত অৱমাননা কৰিছে আৰু ই উত্তৰ-পূৱৰ নাগৰিকৰ জাতীয় অস্তিত্বৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিব ৷

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ

লগতে তেওঁলোকে প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাক তীব্ৰ গৰিহণা ভাষাৰে গৰিহণা দিয়ে ৷ বন্ধ হৈ থকা ইন্টাৰনেট সেৱাও অতিশীঘ্ৰেই মুকলি কৰি দিয়াৰ বাবে দাবী জনায় ৷ গণতান্ত্ৰিক আন্দোলনক বাধা দিয়াৰ অধিকাৰ চৰকাৰৰ নাই ৷ নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি কৰা আন্দোলনক চৰকাৰে মষিমূৰ কৰিবলৈ চেষ্টা চলাইছে ৷ অসম তথা উত্তৰ-পূৱৰ খিলঞ্জীয়া জনসাধাৰণে কোনোপধ্যেই এই জাতিধ্বংসী আইন মানি নলয় ৷ ইয়াৰোপৰি অনুপ্ৰৱেশকাৰীয়ে জুৰুলা কৰা উত্তৰ-পূৱৰ অৰ্থৈতিক ক্ষেত্ৰখনক কোঙা কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে ৷

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ

আৰু পঢ়কঃডিব্ৰুগড় আৰু গুৱাহাটীত সাময়িকভাৱে শিথিল সান্ধ্য আইন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details