নেশ্যনেল ডেস্ক, 22 জুন : তৃতীয় লিংগৰ বাবে সুখবৰ৷ নয়ডা মেট্ৰ' ৰেল বিভাগে হাতত লৈছে এক উল্লেখনীয় কাৰ্য ৷ নয়ডাত প্ৰায় 50টা মেট্ৰ' ষ্টেচন তৃতীয় লিংগৰ বাবে উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ দেওবাৰে এই কথা উল্লেখ কৰে নয়ডা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ৰিতু মহেশ্বৰীয়ে ৷
নয়ডাত 50টা মেট্ৰ' ষ্টেচন তৃতীয় লিংগৰ বাবে উৎসৰ্গা মহেশ্বৰীয়ে কয়,বহু সময়ত তৃতীয় লিংগৰ লোকসকলে নানা সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ যাৰ বাবে এই লিংগৰ লোকসকলক সহায়ৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে,তৃতীয় লিংগৰ লোকসকলৰ অৰ্হতা অনুসৰি আমি তেওঁলোকক কৰ্মসংস্থানো দিয়াৰ ব্যৱস্থা কৰিম ৷ যাতে তেওঁলোকে সমাজৰ আন দুটা লিংগৰ সমানে অধিকৰা তথা সন্মান লাভ কৰে ৷ ইয়াৰোপৰি ষ্টেচনসমূহ সকলোৰে বাবে বুলিও মন্তব্য কৰে ৰিতু মহেশ্বৰীয়ে৷
অন্য এক খবৰৰ বাবে: বনকৰা কিশোৰীক যৌন আতিশায্য চলায় আটক এজন
ইতিমধ্যে বহু ষ্টেচনৰ টিকট কাউন্টাৰ আৰু গৃহকৰ্মৰ বাবে নিয়োজিত কৰা হৈছে তৃতীয় লিংগৰ লোকসকলক ৷ এই লিংগৰ লোকসকলক সমাজত সম অধিকাৰ লাভ কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু পৰৱৰ্তী সময়তো কৰি থকা হ'ব বুলি মুখ্য কাৰ্যবাহী বিষয়া ৰিতু মহেশ্বৰীয়ে প্ৰকাশ কৰে ৷
মহেশ্বৰীয়ে লগতে কয়,বিভিন্ন সংগঠনে তৃতীয় লিংগৰ সহায়তাৰ বাবে আগবাঢ়ি আহিছে আৰু সহায়ো কৰি আছে ৷ এইটো সম্ভৱ তেতিয়া হয় যেতিয়া আমি মহিলাসকলৰ সুবিধাৰ বাবে দুটা ষ্টেচনক গোলাপী ষ্টেচন হিচাপে উচ্চৰ্গা কৰো ৷
অন্য এক খবৰৰ বাবে: নৰেন্দ্ৰ মোডীক ভগৱানৰ নেতা সজালে জেপি নাড্ডাই
তৃতীয় লিংগৰ লোকসকলৰ বাবে ষ্টেচনসমূহত প্ৰয়োজনীয় সুবিধাসমূহ গ্ৰহণ কৰা হ'ব ৷ পৰৱৰ্তী এটা মাহৰ অন্তত তৃতীয় লিংগৰ লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান হ'ব বুলি আশা প্ৰকাশ কৰো বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নয়ডা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ৰিতু মহেশ্বৰীয়ে ৷