অসম

assam

ETV Bharat / bharat

আৰোগ্য লাভ কৰা কৰ'ণা আক্ৰান্তক পুনৰ চিকিৎসালয়ত ভৰ্তি - GIMS হাস্পতাল

নয়দাৰ এখন হাস্পতালৰ পৰা আৰোগ্য লাভ কৰা দুই ৰোগীক পুনৰ চিকিৎসালয়ত ভৰ্তি । এটা পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পাচতেই পুনৰ ভৰ্তি কৰোৱা হয় ৰোগী দুগৰাকীক ।

Noida: Two coronavirus patients who were discharged, readmitted in hospital
Noida: Two coronavirus patients who were discharged, readmitted in hospital

By

Published : Apr 14, 2020, 10:12 AM IST

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃগ্ৰেটাৰ নয়দাত চিকিৎসাধীন হৈ থকা দুই কৰ'ণা আক্ৰান্তক যোৱা সপ্তাহত আৰোগ্য লাভ কৰাৰ পাচতেই ঘৰলৈ যাবলৈ দিয়া হৈছিল । কিন্তু এটা পৰীক্ষাৰ ফলাফল পুনৰ পজিটিভ লাভ কৰাত আকৌ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । সোমবাৰে এই কথা সদৰি কৰিছিল স্বাস্থ্য বিভাগে ।

অৱশ্যে ভৰ্তি কৰোৱাৰ পাচত পুনৰ পৰীক্ষা কৰা হয় আক্ৰান্ত ৰোগী কেইজনক । য'ত ফলাফল পুনৰ নিগেটিভ অহাত স্বস্তিৰ নিশ্বাস ল'লে আক্ৰান্ত ৰোগী সকলৰ লগতে চিকিৎসক, কৰ্মীসকলে ।

আক্ৰান্ত ৰোগী কেইজনক বৃহস্পতিবাৰে হাস্পতালৰ পৰা মুকলি কৰি দিছিল যদিও পুনৰ শনিবাৰে গ্ৰেটাৰ নয়দাৰ Government Institute of Medical Sciences (GIMS) হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

নিয়ম অনুসৰি ৰোগী সকলক ১৪ দিনৰ আইচ'লেচনত ৰখাৰ পাচত দেহত কোনো লক্ষণ দেখা নিদিলে সাধাৰণ এক্স-ৰে আৰু ২৪ ঘণ্টাৰ ব্যৱধানত দুটাকৈ একেৰাহে কৰ'ণাৰ পৰীক্ষা কৰি দুয়োটা ফলাফল নিগেটিভ লাভ কৰাৰ পাচতেই যাবলৈ দিয়া হয় ।

এই ঘটনাটোৰ ক্ষেত্ৰত দুয়োটা টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছিল যদিও আলিগড় পৰীক্ষাগাৰত কৰা তৃতীয়টো টেষ্টৰ ফলাফল পজিটিভ আহিছিল । যাৰ বাবে পুনৰ ভৰ্তি কৰা হয় লোক দুজনক ।

ভৰ্তি কৰোৱাৰ পাচত পুনৰ পৰীক্ষা কৰি NCDC লৈ নমুনা পঠিওৱাত দেওবাৰে ফলাফল নিগেটিভ পোৱা যায় । বৰ্তমানো ৰোগী কেইজনক নিৰীক্ষণত ৰখা হৈছে । অৱশ্য়ে আৰু এটা পৰীক্ষাৰ ফলাফল এতিয়ালৈ আহিবলৈ বাকি বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details