অসম

assam

ETV Bharat / bharat

"Child Pornography"ৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদে ব্যৱস্থা গ্ৰহণ কৰকঃ কৈলাস সত্যাৰ্থী

নোবেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থীয়ে শিশুৰ অশ্লীল ছবি তথা সৰবৰাহৰ ক্ষেত্ৰত বৃদ্ধি পোৱা ইণ্টাৰনেট ব্যৱহাৰৰ ভয়াৱহতা প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু ইণ্টাৰপলক হস্তক্ষেপ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

"Child Pornography"ৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদে ব্যৱস্থা গ্ৰহণ কৰকঃ কৈলাস সত্যাৰ্থী

By

Published : Oct 12, 2019, 7:46 PM IST

নেচনেল ডেস্ক, 12 অক্টোবৰঃ "Child Pornography" আৰু শিশু সৰবৰাহৰ ক্ষেত্ৰত গোলকীয়ভাৱে বৃদ্ধি পোৱা ইণ্টাৰনেট ব্যৱহাৰৰ ভয়াৱহতাক প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু ইণ্টাৰপলক বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰাৰ বাবে নবেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থীয়ে দাবী জনাইছে ৷

প্ৰণিধানযোগ্য যে, সত্যাৰ্থীয়ে শিশুৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত 40 বছৰ ধৰি ভাৰতত এক স্বেচ্ছাসেৱী সংস্থা পৰিচালনা কৰি আছে ৷ শিশুৰ অধিকাৰৰ বিষয়ত কাম কৰি থকা সত্যাৰ্থী হৈছে এগৰাকী অন্যতম নোবেল বঁটা প্ৰাপক ৷

"Child Pornography"ৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদে ব্যৱস্থা গ্ৰহণ কৰকঃ কৈলাস সত্যাৰ্থী


সংবাদ জগতৰ বিভিন্ন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে যে, ফেচবুক আৰু গুগলৰ দৰে তথ্য-প্ৰযুক্তিৰ অত্যাধুনিক মঞ্চৰ জৰিয়তে বিগত বৰ্ষত শিশুৰ শ্লীলতা হানিৰ লক্ষাধিক ভিডিঅ আৰু ফটো আপলোড হোৱাৰ তথ্য ধৰা পৰিছিল ৷

এক আছুতীয়া সাক্ষাৎকাৰত শান্তিৰ নোবেল বঁটা প্ৰাপক সত্যাৰ্থীয়ে কৈছিল, "বিগত দুই বছৰ ধৰি 20 জনৰো অধিক নোবেল বঁটা প্ৰাপকৰ সৈতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰি থকা হৈছে, তাৰ বাবে মই ৰাষ্ট্ৰসংঘৰ এক সন্মিলনীৰ সৈতে কাম কৰি আছোঁ ৷ এই সন্মিলনৰ মুখ্য উদ্দেশ্য হৈছে শিশুৰ লগত সংঘটিত হোৱা যিকোনো ধৰণৰ ডিজিটেল দুষ্কৰ্মক বৰ্জন কৰা ৷"

সত্যাৰ্থীৰ শান্তিৰ নোবেল বঁটা প্ৰাপ্তিৰ 5 বছৰ পূৰ্ণ হোৱা উপলক্ষ্যত তেখেতে বিশ্বৰ সকলো আগশাৰীৰ মানৱীয় সংস্থাক বাদ দি কেৱল নিৰাপত্তা পৰিষদৰহে "child pornography" ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ শক্তি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷


তেওঁ লগতে কয়,"নিৰাপত্তা পৰিষদৰ উদ্যোগত আৰু ইণ্টাৰপলৰ প্ৰত্যক্ষ তৎপৰতাত এনে এটা ক্ষুদ্ৰ শাখা গঠন কৰাটো প্ৰয়োজনীয় যিয়ে অশ্লীল ছবিৰ উদ্যোগবোৰে আপলড কৰা ভিডিঅ'ৰ প্ৰকৃত সময় আৰু ডাউনলোডৰ তথ্য নিৰীক্ষণ কৰিব পাৰে ৷"


ভাৰতত ইতিমধ্যে ইণ্টাৰপলে বিভিন্ন চৰকাৰী তদন্তকাৰী সংস্থাসমূহক শিশুৰ অশ্লীল ছবি প্ৰস্তুতকাৰী আৰু আপলোডকাৰীৰ গতি-বিধি নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তি শিক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে ৷


অক্টোবৰৰ প্ৰথমভাগত এই কথা প্ৰকাশ পাইছিল যে, আন্তঃজাৰ্তিক সংস্থাটোৱে কেৰেলালৈ দেশৰ নিৰ্বাচিত কেইজনমান আৰক্ষী বিষয়াক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যৰে শিশু সুৰক্ষা বিশেষজ্ঞক প্ৰেৰণ কৰা হ'ব ৷

অৱশ্যে প্ৰশিক্ষণটো অহাবৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি আশা কৰিব পাৰি ৷ জানিব পৰা মতে সেইসকল বিষয়াক প্ৰথমতে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব যিসকলক চফটৱেৰ ব্যৱহাৰৰ বাবে মোতায়েন কৰা হয় ৷ তাৰ পিছত পৰ্যায়ক্ৰমে প্ৰমাণ সংগ্ৰহ টীম আৰু ডিজিটেল ফৰেনচিক বিশেষজ্ঞসকলক পৃথকভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হব ৷ প্ৰকাশিত তথ্যনুসৰি প্ৰতিটো দলক এসপ্তাহকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷

ভাৰতত শেহতীয়াকৈ Information Technology (Intermediaries guidelines) Rules, 2011 ৰ আধাৰত প্ৰদান কৰা নিয়মাৱলীৰ আধাৰত ব্যৱহাৰকাৰীসকলক সামাজিক সংযোগৰ মাধ্যমসমূহত অশ্লীল ছবি, যৌন উত্তেজনাময় ছবি আৰু নাবালকক ক্ষতিগ্ৰস্ত কৰা যিকোনো তথ্য প্ৰকাশ তথা শ্বেয়াৰ কৰাটো বাৰণ কৰা হৈছে ৷ যদি কোনো প্ৰতিষ্ঠানে এনেধৰণৰ বৰ্হিভূত তথ্য প্ৰকাশ কৰে, তেন্তে তাক 36 ঘণ্টাৰ ভিতৰত আঁতৰ কৰোৱাটো হৈছে এক ন্যায়ালয় তথা অন্য কৰ্তৃত্বশীল সংস্থাৰ আদেশ ৷


নবেল বঁটা প্ৰাপক কৈলাস সত্যাৰ্থীয়ে 40 বছৰ ধৰি কৈলাস সত্যাৰ্থী ফাউণ্ডেচনৰ পৰিচালনা কৰি আছে ৷ তেখেতে ভাৰত চৰকাৰক শিক্ষাৰ অধিকাৰ আইনক সংশোধন কৰি গুণগত শিক্ষা বিনামূলীয়া কৰা আৰু শিশুৰ 18 বছৰ বা দ্বাদশ শ্ৰেণীলৈকে শিক্ষা বিনামূলীয়া কৰাৰ বাবে আহ্বান জনাই আহিছে ৷

কৈলাস সত্যাৰ্থীৰ মতে,"সৰহসংখ্যক শিশু সম্বন্ধিত ইছ্যু সমাধানৰ ক্ষেত্ৰত "শিক্ষাৰ অধিকাৰ আইন"ক সংশোধন কৰাটো অন্যতম সমাধান ৷ যাৰ দ্বাৰা এইটো নিশ্চিত কৰিব লাগে যে, শিশুৱে 18 বছৰ বয়সলৈকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰে ৷ যদি চৰকাৰে এইটো সম্ভৱ কৰি তুলিব নোৱাৰে তেনেহলে মই বিচাৰো যে চৰকাৰে অন্তত প্ৰথম পৰ্যায়ত শিশুৰ 18 বছৰ বয়সলৈকে শিক্ষা উপলভ্য কৰি তোলক ৷"

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details