নিউজ ডেস্ক, 15 অক্টোবৰঃআন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰে অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ ভাৰতীয় মুলৰ আমেৰিকান অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইষ্টাৰ ইষ্টাৰ ডাফলোৰ লগতে মাইকেল ক্ৰিমাৰে লাভ কৰে 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ দৰিদ্ৰতাৰ আতঁৰাবলৈ কৰা গৱেষনাৰ বাবেই তিনিওগৰাকী অৰ্থনীতিবিদে লাভ কৰে চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷
অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা বিজয়ী অভিজিৎ বিনায়ক বেনাৰ্জীৰ সাফল্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট অৰ্থনীতিবিদ তথা ন'বেল বিজয়ী অমৰ্ত্য সেনে ৷ 1998 চনত অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা লাভ কৰিছিল সেনে ৷ অভিজিৎ বেনাৰ্জীৰ সাফল্যত সেনে কয় যে, "অন্যান্যসকলৰ লগতে অভিজিৎ বেনাৰ্জীয়ে ন'বেল বঁটা লাভ কৰাত মই খুব সুখী আৰু আনন্দিত ৷ যোগ্য ব্যক্তিৰ হাততে এইবাৰ ন'বেল বঁটা তুলি দিয়া হৈছে ৷"