অসম

assam

ETV Bharat / bharat

অভিভাৱকৰ সৈতে অন্তিম সাক্ষাৎ সম্পৰ্কত নিৰ্বাক নিৰ্ভয়া কাণ্ডৰ মূল অপৰাধী - 1 ফেব্ৰুৱাৰীত ফাঁচী

পৰিয়ালৰ লোকক অন্তিম বাৰৰ বাবে লগ কৰা সন্দৰ্ভত প্ৰশ্ন কৰাত নিৰ্বাক হৈ ৰ'ল নিৰ্ভয়া কাণ্ডৰ অপৰাধী ৷ চাৰিজনকে 1 ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমোৱা হ'ব ৷

1 ফেব্ৰুৱাৰীত ফাঁচী
নিৰ্ভয়া কাণ্ডৰ মূল অপৰাধী

By

Published : Jan 24, 2020, 9:33 AM IST

নেশ্যনেল ডেস্ক, 24 জানুৱাৰী : নিৰ্বাক হৈ ৰ'ল নিৰ্ভয়া ধৰ্ষণ আৰু হত্যা গোচৰৰ মূল চাৰি অপৰাধী ৷ 1 ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমোৱাৰ পূৰ্বে তিহাৰ জেল কৰ্তৃপক্ষই তেওঁলোকৰ অন্তিম ইচ্ছা হিচাপে পৰিয়ালৰ লোকৰ সৈতে মিলিত হোৱাৰ বিষয়ে প্ৰশ্ন কৰাত নিৰ্বাক হৈ ৰয় অপৰাধী কেইজন ৷ নিশ্চিত মৃত্যুৰ 9 দিন পূৰ্বে এনেদৰে জেল কৰ্তৃপক্ষৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে তেওঁলোক ৷

উল্লেখ্য যে, চাৰি অপৰাধী হৈছে, বিনয় শৰ্মা (26), অক্ষয় কুমাৰ সিং (31), মুকেশ কুমাৰ সিং (32) আৰু পৱন গুপ্তা(25) ৷ তিহাৰ জেলৰ 3 নং চেলৰ পৃথক-পৃথক কক্ষত ৰখা অপৰাধী কেইজনক 1 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাত ফাঁছীকাঠত ওলমোৱা হ'ব ৷

জেলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, "ফাঁচীৰ ৰায়দান কৰাৰ পাচতে তেওঁলোকক প্ৰশ্ন কৰা হৈছিল যে তেওঁলোকে কেতিয়া নিজৰ পৰিয়ালক অন্তিম বাৰৰ বাবে লগ কৰিব বিচাৰিব আৰু পৰিয়ালৰ কোন লোকক লগ কৰিব বিচাৰিব ৷ কিন্তু কোনো এজনে সঁহাৰি জনোৱা নাই ৷"

তেওঁ কয়, "পৰিয়ালৰ লোকক এসপ্তাহত দুবাৰকৈ তেওঁলোকক লগ কৰিবলৈ দিয়া হৈছে যদিও অন্তিমবাৰৰ বাবে কেতিয়া লগ কৰিব সেই সম্পৰ্কে তেওঁলোকে একো কোৱা নাই ৷"

উল্লেখ্য যে, 23 বৰ্ষীয় 'নিৰ্ভয়া' নামেৰে অভিহিত এগৰাকী যুৱতীক 2012 চনৰ 16-17 ডিচেম্বৰৰ নিশা এখন চলন্ত বাছত ছয়জনকৈ লোকে ধৰ্ষণ কৰি বাছৰ পৰা পেলাই দিছিল ৷

চিকিৎসাধীন অৱস্থাত সেই বছৰৰে 29 ডিচেম্বৰত ছিংগাপুৰৰ মাউন্ট এলিজাবেথ হাস্পাতালত তেওঁৰ মৃত্যু হৈছিল ৷

ছয় অভিযুক্তৰ অন্যতম ৰাম সিঙে তিহাৰ জেলতে আত্মহত্যা কৰিছিল ৷ আনহাতে, অন্য এজন অভিযুক্ত কিশোৰ হোৱাৰ বাবে সংস্কাৰ ঘৰত তিনি বছৰ সেৱা আগবঢ়োৱাৰ পাচত মুকলি কৰা হৈছিল ৷

আৰু পঢ়ক : বাজেট 2020: অধিক বিনিয়োগ, সঠিক বিনিয়োগ

ABOUT THE AUTHOR

...view details