অসম

assam

ETV Bharat / bharat

হোৱাটছ এপৰ পৰা কোনো গোপন তথ্য সংগ্ৰহ হোৱা নাইঃ অমিত মালবীয় - NSO

হোৱাটছ এপ একাউণ্টসমূহৰ পৰা কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰা হোৱা নাই, চৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈ কোনা তথ্য লাভ কৰা নাই ৷ হোৱাটছ এপত কেৱল কাৰিকৰী উত্তৰণ ঘটোৱাহে হৈছিল ৷ এই মন্তব্য বিজেপি আই টি চেলৰ মুখ্য অমিত মালবীয়ৰ ৷

হোৱাটছ এপৰ পৰা কোনো গোপন তথ্য সংগ্ৰহ হোৱা নাইঃ অমিত মালবীয়

By

Published : Nov 2, 2019, 10:46 PM IST

নিউজ ডেস্ক, 2 নৱেম্বৰঃ বিগত দিনত দেশৰ 121 জন ব্যক্তিৰ হোৱাটছ এপ একাউণ্টসমূহৰ পৰা অহৰহ গোপনে তথ্য সংগ্ৰহ কৰি থকা হৈছিল বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । 'Israeli Spyware Pegasus' নামৰ ছফ্টৱেৰ এটাৰ জৰিয়তে হোৱাটছ এপ একাউণ্টবোৰ হেক কৰা হৈছে বুলি অভিযোগ উঠিছিল । ফেইচবুকৰ দ্বাৰা পৰিচালিত হোৱাটছ এপে দাবী কৰে যে, হোৱাটছ এপ একাউণ্টসমূহ ‘End to End Encryption’ পদ্ধতিৰে সম্পূৰ্ণ সুৰক্ষিত । কিন্তু দেশৰ 121 জন ব্যক্তিৰ এনেদৰে 'হোৱাটছ এপৰ তথ্য গোপনে সংগ্ৰহ কৰা বুলি অভিযোগ কৰা কাৰ্যই আচৰিত কৰিছে সকলোকে । ইতিমধ্যে হোৱাটছ এপে আমেৰিকাৰ আদালতত ‘Pegasus spyware’ ৰ নিৰ্মাতা NSO Group ৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।

ইয়াক লৈ দেশৰ ৰাজনৈতিক মহলে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছত বিজেপিৰ আই টি চেলৰ মুখ্য অমিত মালবীয়ই উল্লেখ কৰে যে, হোৱাটছ এপ একাউণ্টসমূহৰ পৰা কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰা হোৱা নাই, চৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈ কোনা তথ্য লাভ কৰা নাই ৷ হোৱাটছ এপত কেৱল কাৰিকৰী উত্তৰণ ঘটোৱাহে হৈছিল ৷ তেওঁ লগতে কয় যে, বিগত সময়ত হোৱাটছ এপৰ জৰিয়তে তথ্য সংগ্ৰহ হোৱা ব্যক্তিসকলক চৰকাৰী বিষয়াই কেইবাবাৰো সাক্ষাৎ কৰিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য উলংঘনৰ কথা উল্লেখ কৰা নাই ৷

হোৱাটছ এপৰ পৰা কোনো গোপন তথ্য সংগ্ৰহ হোৱা নাইঃ অমিত মালবীয়

কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলে এই বিষয়ে উত্থাপন কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, এই সম্পৰ্কত দেশৰ বিত্ত মন্ত্ৰীৰ লগতে দেশৰ সেনা প্ৰধানৰ লগতো ইতিমধ্যে আলোচনা কৰা হৈছে ৷ এতিয়ালৈ কোনো তথ্য সংগ্ৰহৰ খবৰ চৰকাৰে লাভ কৰা নাই ৷ আই টি চেলৰ মুখ্য অমিত মালবীয়ই লগতে উল্লেখ কৰে যে, অলপতে আৰ.টি.আইৰ এক প্ৰশ্নৰ উত্তৰত গৃহ-মন্ত্ৰালয়ে স্পষ্ট কৰে যে ভাৰতত কোনোধৰণৰ Israeli Spyware Pegasus' নামৰ ছফ্টৱেৰৰ ব্যৱহাৰ হোৱা নাই ৷

উল্লেখ্য যে, NSO এনে এটা ছফ্টৱেৰৰ কোম্পেনী যিয়ে সমগ্ৰ বিশ্বতে চাইবাৰ ব্যৱস্থাটোক নিৰীক্ষণ কৰিব পাৰে ৷ ভাৰতৰ লগত হোৱা এনে ঘটনাৰ পিছত দেশৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰো পোষকতা কৰে মালবীয়ই ৷

আৰু পঢ়কঃ মাত্ৰাধিক প্ৰদূষণৰ কৱলত দিল্লীঃ স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা; ডাঠ ধোঁৱাই আৱৰিলে দিল্লীৰ বায়ুমণ্ডল : 1ৰ পৰা 5 নৱেম্বৰলৈ বন্ধ

ABOUT THE AUTHOR

...view details