অসম

assam

ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পৰা ভাড়া সংগ্ৰহত কোনো ভূমিকা নাই : ভাৰতীয় ৰেলৱে' - ৰেলৱে' মন্ত্ৰণালয়

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পৰা ভাড়া সংগ্ৰহত কোনো ভূমিকা নাই বুলি মন্তব্য কৰে ভাৰতীয় ৰেলৱে'ই ৷ কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে সমালোচনা কৰাৰ পাচতে এই মন্তব্য ৰেলৱে' বিভাগৰ ৷

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সমালোচনা
ভাৰতীয় ৰেলৱে'

By

Published : May 4, 2020, 7:01 PM IST

নেশ্যনেল ডেস্ক, 4 মে' : প্ৰব্ৰজনকাৰী শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ ৰেলৰে প্ৰেৰণ কৰা সম্পৰ্কত ৰেলৱে' মন্ত্ৰণালয়ে কয় যে, এয়া ৰাজ্যসমূহে গ্ৰহণ কৰা ব্যৱস্থা আৰু ইয়াত শ্ৰমিকসকলৰ পৰা ভাড়া সংগ্ৰহত ৰেলৱে'ৰ কোনো ভূমিকা নাই ৷

ৰেল মন্ত্ৰণালয়ৰ নিৰ্দেশনাত উল্লেখ থকা টিকেটৰ ভাড়া সংগ্ৰহৰ বিষয়টোৰ পাচতে বিৰোধী দলে বিজেপিক কঠোৰ সমালোচনা কৰিছিল ৷ COVID-19 ৰ ফলত সংকটত ভুগা লোকসকলৰ পৰাও চৰকাৰে ভাড়া সংগ্ৰহ কৰা বুলি বিৰোধী দলে সমালোচনা কৰিছিল ৷

সোমবাৰে পুৱাৰ ভাগত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে কেন্দ্ৰক সমালোচনা কৰাৰ লগতে কয় যে, প্ৰদেশ কংগ্ৰেছ কমিতিয়ে এই শ্ৰমিকসকলক বিনামূলীয়া আৰু সুৰক্ষিত পৰিবহণৰ সুবিধা প্ৰদান কৰিব ৷

আনহাতে, এই বিষয়টোক ৰাজনীতিকৰণ কৰা বুলি কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ৷ এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে প্ৰদান কৰা বিশেষ ৰেলৰ টিকেটৰ মূল্যত 85 শতাংশ ৰেহাই দিয়াৰ লগতে বাকী 15 শতাংশ ৰাজ্য চৰকাৰসমূহে প্ৰদান কৰিব বুলি মন্তব্য কৰে ৰেলৱে' কতৃপক্ষই ৷

PM-CARES পুঁজিলৈ 151 কোটি টকা প্ৰদান কৰাৰ পাচতো দুখীযা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰা বুলি ৰেলৱে' মন্ত্ৰণালয়ক কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচনা কৰিছিল ৷

এজন ৰেলৱে বিষয়াই কয়, "নিৰ্দেশাৱলী অনুসৰি, টিকেটৰ মূল্য ৰাজ্যসমূহে বহন কৰিব ৷ এয়া সম্পূৰ্ণৰূপে তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থা ৷ যিহেতু টিকেট অবিহনে তেওঁলোকে ভ্ৰমণ কৰিব নোৱাৰে সেয়েহে আমি তেওঁলোকক টিকেট প্ৰদান কৰিছো ৷ শ্লীপাৰ ক্লাছত প্ৰদান কৰা ভাড়াই মূল্য হিচাপে গ্ৰহণ কৰা হৈছে ৷"

ৰেলৱে' মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে, এই বিশেষ ৰেলসমূহ ৰাজ্য চৰকাৰৰ অনুৰোধত প্ৰদান কৰা হৈছে আৰু ৰেলৰ চলাচলত ৰেলৱে'ৰ অন্য কোনো ভূমিকা নাই ৷ কিমান লোকে যাত্ৰা কৰিব সেই তালিকাও ৰাজ্য সমূহে তৈয়াৰ কৰি উলিয়াইছে বুলি মন্তব্য কৰে মন্ত্ৰণালয়ে ৷

ABOUT THE AUTHOR

...view details