অসম

assam

By

Published : Aug 20, 2020, 8:49 PM IST

ETV Bharat / bharat

ইছৰোৰ ব্যক্তিগতকৰণ কৰা নহয়ঃ কে. শিবান

ইছৰোৰ বৈজ্ঞানিক সচিব ওমামহেশ্বৰনে কয় যে, " ইছৰোৰ ব্যক্তিগতকৰণৰ কোনো প্ৰস্তাৱ নাই ৷ ইছৰোই নতুন তথ্য-প্ৰযুক্তিৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে ৷ "

no-proposal-to-privatise-isro
ইছৰোৰ ব্যক্তিগতকৰণ কৰা নহয়ঃ কে. শিবান

নিউজ ডেস্ক, 20 আগষ্ট : ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰ (ISRO) ৰ মুৰব্বী কে. শিবানে কয় যে, ইছৰোৰ ব্যক্তিগতকৰণ কৰা নহয় ৷ তেখেতে কয় যে, "মই আপোনালোকক বিশ্বাস দিয়াব বিচাৰিছো, যে ইছৰোই প্ৰথমৰ দৰেই কাম কৰি যাব ৷ "

ইছৰোৰ বৈজ্ঞানিক সচিব ওমামহেশ্বৰনে কয় যে, " ইছৰোৰ ব্যক্তিগতকৰণৰ কোনো প্ৰস্তাৱ নাই ৷ ইছৰোই নতুন তথ্য-প্ৰযুক্তিৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে ৷ "

ইয়াৰ পূৰ্বে কে. শিবানে কৈছিল যে, ভাৰতৰ মহাকাশ গৱেষণাই ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰখনক শক্তিশালীকৈ গঢ়ি তুলিবলৈ মহাকাশ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ লগতে তেখেতে কগৈছিল যে, ব্যক্তিগত এন্টাৰপ্ৰাইজৰ বাবে মহাকাশ ক্ষেত্ৰত প্ৰৱেশৰ অনুমতি দিব পৰা যাব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কে. শিবানে কৈছিল যে, লকডাউনৰ ফলত মহাকাশত মানব পঠিওৱা আৰু চন্দ্ৰযান-3 অভিযানত পলম হোৱাৰ লগতে এনেধৰণৰ দহটা মহাকাশ অভিযান বাতিল কৰা হৈছে ৷

লগতে পঢ়ক : ৰোগীয়ে ঈশ্বৰ জ্ঞান কৰা চিকিৎসক গৰাকী

ABOUT THE AUTHOR

...view details