নিউজ ডেস্ক, 30 ডিচেম্বৰঃ"সম্প্ৰতি দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই ৷" দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে এই মন্তব্য কৰে ৷ এক জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতৰ নাগৰিকত্ব অধিনিয়মৰ ধাৰা 14Aত উল্লেখ কৰা আছে যে, নাগৰিক সকলৰ বাবে ৰাষ্ট্ৰীয় পঞ্জীকৰণ হ'ব ৷ নাগৰিক সকলক এখন পৰিচয় পত্ৰ দিয়া হ'ব ৷ 2004 চনৰ ডিচেম্বৰ 3 তাৰিখৰ পৰা এই নিয়ম জাৰি কৰা হৈছিল ৷ তেওঁ লগতে কয় যে, মনমোহন সিঙৰ চৰকাৰে এই আইনৰ প্ৰৱৰ্তন কৰিছিল ৷
তেওঁ কয় যে, আইনৰ নিয়ম 4ৰ অনুসৰি এনআৰচিৰ বাবে প্ৰথমে এটা তাৰিখ দিয়া হ'ব তাৰপিচত এখন তালিকা দিয়া হ'ব ৷ ইয়াৰ পাচত সকলোৰে অভিযোগ লোৱা হ'ব আৰু এই ক্ষেত্ৰত শুনানিও গ্ৰহণ কৰা হ'ব লগতে সকলোৰে আবেদন কৰাৰ অধিকাৰ আছে ৷ কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদে ইপিনে অভিযোগ কৰে যে, কোনো লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱা কথা সমূহৰ বিষয়ে উল্লেখ কৰা নাই ৷ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণ (এনপিআৰ)খন অখিল ভাৰতীয় এনআৰচিৰ বাবে প্ৰথম পদক্ষেপ বুলি বিৰোধী দলে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰাৰ পাচতহে মোডীৰ বিষয়ে জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এনআৰচি আৰু এনপিআৰৰ মাজত কোনো সামঞ্জ্যতা নাই বুলি মন্তব্য কৰিছিল ৷ লগতে তেওঁ উল্লেখ কৰে , ডিচেম্বৰৰ 22 তাৰিখে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, এনআৰচিৰ বিষয়ে চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিল ৷