অসম

assam

ETV Bharat / bharat

সামগ্ৰী আৰু সেৱা কৰত সালসলনি নকৰে কেন্দ্ৰীয় চৰকাৰে - সামগ্ৰী আৰু সেৱা কৰ বাতৰি

দেশত যিদৰে অৰ্থনৈতিক মন্দৱস্থা চলি আছে সেই সময়ত সামগ্ৰী আৰু সেৱা কৰ বৃদ্ধি কৰাটো দেশৰ কোনো এখন ৰাজ্যই সমৰ্থন নকৰে ৷ এই মন্তব্য বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীৰ ৷ লগতে সামগ্ৰী আৰু সেৱা কৰত অৰ্থনৈতিক স্তৰ বৃদ্ধিৰো এইটো সঠিক সময় নহয় বুলি প্ৰকাশ কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সামগ্ৰী আৰু সেৱা কৰত সালসলনি নকৰে কেন্দ্ৰীয় চৰকাৰে
সামগ্ৰী আৰু সেৱা কৰত সালসলনি নকৰে কেন্দ্ৰীয় চৰকাৰে

By

Published : Dec 22, 2019, 4:15 PM IST

নিউজ ডেস্ক, 22 ডিচেম্বৰ: দেশত যিদৰে অৰ্থনৈতিক মন্দৱস্থা চলি আছে সেই সময়ত সামগ্ৰী আৰু সেৱা কৰ বৃদ্ধি কৰাটো দেশৰ কোনো এখন ৰাজ্যই সমৰ্থন নকৰে ৷ এই মন্তব্য বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীৰ ৷ লগতে সামগ্ৰী আৰু সেৱা কৰত অৰ্থনৈতিক স্তৰ বৃদ্ধিৰো এইটো সঠিক সময় নহয় বুলি প্ৰকাশ কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সামগ্ৰী আৰু সেৱা কৰত সালসলনি নকৰে কেন্দ্ৰীয় চৰকাৰে

যেতিয়ালৈ দেশৰ ৰাজহ স্থিৰ নহয় তেতিয়া পৰ্যন্ত সামগ্ৰী আৰু সেৱা কৰত কোনো ধৰণৰ সালসলনি কৰাৰ সম্ভাৱনীয়তা নাই বুলি Federation of Indian Chambers of Commerce & Industry ৰ 92 সংখ্যক বাৰ্ষিক সন্মিলনত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যতেই কৰৰ হাৰ বৃদ্ধি নকৰে বুলি জনসাধাৰণক নিশ্চয়তা প্ৰদান কৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অৰ্থনৈতিক মন্দৱস্থা চলি থকাৰ সময়ত দেশত উপভুক্তাক সকাহ দিয়াৰ বাবে কৰৰ হাৰ বৃদ্ধিৰ কৰা নহয়, কিন্তু একে সময়তে জিএছটি ৰাজহ সুস্থিৰ নোহোৱা পৰ্যন্ত কৰ হ্ৰাস কৰাও নহয় লগতে ভৱিষ্যতেও ইয়াত কোনো ধৰণৰ সালসলনি কৰা নহয় বুলি প্ৰকাশ কৰে সুশীল কুমাৰ মোডীয়ে ৷ জিএছটি পৰিষদে বছৰত কেৱল এবাৰহে কৰৰ হাৰ সাল-সলনি কৰাৰ সিদ্ধান্ত লৈছে বুলিও কয় উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অলপতে হৈ যোৱা জিএছটি পৰিষদৰ এক বৈঠকত ৰাজ্যিক আৰু ব্যক্তিগত লটাৰীত কৰৰ হাৰ 28 শতাংশ বান্ধি দিয়াৰ সিদ্ধান্ত লৈছে ৷ যিটো আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব ৷ জিএছটি পৰিষদৰ প্ৰায়বোৰ বৈঠকতে চৰকাৰে বিভিন্ন সামগ্ৰীত কৰ হ্ৰাস কৰিছে বুলি প্ৰকাশ কৰে মোডীয়ে ৷

বৰ্তমান আৰু ভৱিষ্যতেও জিএছটি কৰ বৃদ্ধি বা কোনো ধৰণৰ সালসলনিৰ কথা কেন্দ্ৰীয় চৰকাৰে ভৱা নাই ৷ লগতে জনতাক সামগ্ৰী ক্ৰয় কৰাৰ সময়ত দিয়া ভুৱা চালানৰ পৰাও সাৱধানে থাকিবলৈ জনতাক অনুৰোধ জনায় সুশীল কুমাৰ মোডীয়ে ৷

ABOUT THE AUTHOR

...view details