অসম

assam

দিল্লীত পুনৰ ঘোষণা কৰা নহয় লক ডাউন : অৰবিন্দ কেজৰিৱাল

By

Published : Jun 15, 2020, 6:11 PM IST

দিল্লীত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে পুনৰ লক ডাউন ঘোষণা কৰা হ'ব পাৰে বুলি চৰ্চা অব্যাহত আছিল। সেয়ে সোমবাৰে টুইটাৰযোগে পুনৰ লক ডাউন ঘোষণা কৰা নহয় বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 অৰবিন্দ কেজৰিৱাল
No plans of another lockdown in Delhi, says Arvind Kejriwal

নিউজ ডেস্ক, ১৫ জুনঃ ৰাজধানী চহৰ দিল্লীত পুনৰ ঘোষণা কৰা নহয় লক ডাউন। সোমবাৰে এই সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

চহৰখনত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে পুনৰ লক ডাউন ঘোষণা কৰা হ'ব পাৰে বুলি চৰ্চা অব্যাহত আছিল। সেয়ে সোমবাৰে টুইটাৰযোগে পুনৰ লক ডাউন ঘোষণা কৰা নহয় বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এদিন পূৰ্বে আপৰ সাংসদ সঞ্জয় সিঙে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় নেতৃবৃন্দৰ পৰ্যালোচনা বৈঠকত অংশ লৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল। লগতে, হাস্পতালসমূহত বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আৱেদন জনাইছিল নেতাগৰাকীয়ে।

দিল্লীত পুনৰ ঘোষণা কৰা নহয় লকডাউনঃ অৰবিন্দ কেজৰিৱাল

সোমবাৰেও ৰাজধানী চহৰখনৰ কোভিড-১৯ ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিজেপি, কংগ্ৰেছ, আপ আৰু আন আন দলৰ নেতৃবৃন্দৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক।

লগতে পঢ়ক :মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰত প্ৰধান শিক্ষক

ABOUT THE AUTHOR

...view details