নেশ্বনেল ডেক্স,30 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা 21 দিনীয়া লক ডাউন সদ্যহতে বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বিগত পাঁচ দিনত কৰ’ণা সন্ত্ৰাসৰ বাবে বিভিন্ন মহানগৰ সমূহত বাস কৰা কেইবালাখ প্ৰবাসী শ্ৰমিকে নিজ গৃহ অভিমুখে খোজকাঢ়ি যোৱাৰ ঘটনাৰ পিছতেই এই স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবাই ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক এইসকল প্ৰবাসী শ্ৰমিকক উপযুক্ত খাদ্য আৰু আশ্ৰয় প্ৰদান কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷
চৰকাৰৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰোই এক টুইটযোগে প্ৰকাশ কৰে যে, ‘বিগত কিছুদিন ধৰি চৰকাৰে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ তথ্যৰ লগতে বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ হৈ আহিছে ৷ কেন্দ্ৰীয় কেবিনেট সচিবে এইসমূহ তথ্য ভিত্তিহীন বুলি মন্তব্য কৰিছে ৷’
দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত মন্ত্ৰীসকলৰ এটি দলে লক ডাউনৰ বাবে প্ৰবাসী শ্ৰমিকলৰ মাজত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি সন্দৰ্ভত এক বিস্তৃত পৰ্যালোচনা কৰে ৷