নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ কলকাতাত অনুষ্ঠিত হোৱা চিআইআই ইভেন্টত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ ইভেন্টত অংশগ্ৰহণ কৰি ইৰান আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সংঘাটক লৈ ভাৰতবাসীক নিশ্চিত থাকিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা সংঘাটৰ ফলতেই বিশ্বব্যাপী তেলৰ দাম বৃদ্ধি হ'ব পাৰে বুলি আংশকা কৰা হৈছে ৷ এনে অৱস্থাত ভাৰতবাসীয়ে চিন্তা কৰাৰ কোনো কাৰন নাই বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে চোৱাচিতা কৰি আছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
তেলৰ মূল্যবৃদ্ধিক লৈ চিন্তিত হোৱাৰ কাৰণ নাইঃ ধৰ্মেন্দ্ৰ প্ৰধান
চিআইআইৰ ইভেন্টত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেলৰ মূল্যবৃদ্ধিক লৈ মুৰ ঘমাবলগীয়া নাই বুলি উল্লেখ কৰে ৷ ইতিমধ্যে বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
তেলৰ মূল্যবৃদ্ধিক লৈ চিন্তিত হোৱাৰ কাৰণ নাইঃ ধৰ্মেন্দ্ৰ প্ৰধান