অসম

assam

ETV Bharat / bharat

বন্ধ মধ্যাহ্ন ভোজন, হাতত ভিক্ষাৰ পাত্ৰ শিক্ষাৰ্থীৰ - বিকলাংগ শিশু

নাথন নগৰ ব্লকৰ অধীনৰ মুসহৰী টোলৰ ছাত্ৰ-ছাত্ৰী সকলে উপায়বিহীন হৈ লেতেৰা আৱৰ্জনা চাফাইৰ কাম কৰাৰ লগতে ওচৰ-পাজৰ গাঁৱত ভিক্ষা খোজা পৰিলক্ষিত হৈছে । মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে পিতৃ-মাতৃ কৰ্মহীন হৈ পৰাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমান পৰিয়ালৰ ভৰণ-পোষনৰ দায়িত্ব ল'ব লগা হৈছে ।

no-mid-day-meals-forces-kids-to-collect-scrap-beg-in-bhagalpur

By

Published : Jul 10, 2020, 1:42 AM IST

নিউজ ডেস্ক, ৯ জুলাই :কৰ'ণা ভাইৰাছৰ বাবে বন্ধ হৈ পৰিছে দেশৰ সকলো শিক্ষানুষ্ঠান । চৰকাৰীখণ্ডৰ বিদ্যালয় সমূহ বন্ধ হৈ থকাত বন্ধ হৈ পৰিছে মধ্যাহ্ন ভোজন । যাৰবাবে বিহাৰৰ ভাগলপুৰ জিলাৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাজপথত ভিক্ষা খুজিব লগা হৈছে ।

নাথন নগৰ ব্লকৰ অধীনৰ মুসহৰী টোলাৰ ছাত্ৰ-ছাত্ৰী সকলে উপায়বিহীন হৈ লেতেৰা আৱৰ্জনা চাফা কৰা কাম কৰাৰ লগতে ওচৰ-পাজৰ গাঁৱত ভিক্ষা খোজা পৰিলক্ষিত হৈছে । জানিব পৰা মতে, মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে পিতৃ-মাতৃ কৰ্মহীন হৈ পৰাত ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমান পৰিয়ালৰ ভৰণ-পোষনৰ দায়িত্ব ল'ব লগা হৈছে ।

গাঁওখনৰ মুৰব্বী গৰাকীয়ে জনোৱা অনুসৰি, ইয়াৰ শিশু সকলৰ বৰ্তমান দুটাই উপায় আছে । এটা আৱৰ্জনা চাফা কৰা আৰু আনটো ভিক্ষা খোজা । বৰ্তমান তেওঁলোক বিদ্যালয়লৈ যোৱাটো সম্ভৱ নহয় । শিশু সকলে এইখিনি কাম নকৰিলে তেওঁলোকৰ অন্য উপায় নাই বুলি উল্লেখ কৰে ।

আনহাতে, এই ঘটনাৰ পিচতে জিলা দণ্ডাধীশ গৰাকীয়ে জনায় যে, ৰাজ্য চৰকাৰে অভিভাৱক সকলৰ একাউন্টত পইচা জমা কৰি থকা বুলি উল্লেখ কৰে । তেখেতে জনোৱা অনুসৰি, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ১১৪.২৪ টকা জমা কৰিছে আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে ১৭১.১৭ টকা জমা কৰা হৈছে ।

তথ্য অনুসৰি, জিলাখনত মধ্যাহ্ন ভোজনৰ বাবে প্ৰায় ৫.২৫ লাখ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰা হৈছে । যিয়ে প্ৰতিদিনাই মধ্যাহ্ন ভোজন লাভ কৰাৰ বাবে বিদ্যালয়লৈ যায় । কিন্তু বৰ্তমান শিক্ষাৰ্থী সকলে আৱৰ্জনা চাফা কৰাৰ কাম কৰিব লগা হৈছে । যাৰবাবে প্ৰতিদিনে তেওঁলোকে ১০ ৰ পৰা ১২ টকা মজুৰি লাভ কৰে । এই ঘটনাৰ পিচতে শেহতীয়াভাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰলৈ এক জাননী প্ৰেৰণ কৰে আৰু বিষয় সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

উল্লেখযোগ্য যে, National Family Health য়ে ২০১৫ চনত কৰা এক সমীক্ষাৰ ভিত্তিত বিহাৰত ৪৮.৩ শতাংশ ৫ বছৰৰ তলৰ শিশু বিকলাংগ আৰু ৪৩.৯ শতাংশ শিশুৰ ওজন সাধাৰণ শিশুতকৈ বহুত কম পোৱা গৈছিল । যি শতাংশৰ হাৰ আগৰ সমীক্ষাৰ তুলনাত অত্যাধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :গুৱাহাটীৰ পৰা যোৱা ব্যক্তিৰ বিনা অনুমতিত প্ৰৱেশ নিষেধ ধেমাজিত

ABOUT THE AUTHOR

...view details